নিউজ ডেক্স,৪ ফেব্ৰুৱাৰীঃ তাৰকা জিমনাষ্ট তথা অলিম্পিয়ান দীপা কৰ্মকাৰলৈ আন্ত:ৰাষ্ট্ৰীয় টেষ্টিং কমিটীয়ে জাৰী কৰিছে ২১ মাহৰ নিষেধাজ্ঞা। ড’প টেষ্টত অনুত্তীৰ্ণ হোৱাৰ বাবে খেলুৱৈগৰাকীৰ বিৰুদ্ধে লোৱা হয় এই সিদ্ধান্ত। অৱশ্যে বিগত বৰ্ষতো নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল জিমনাষ্ট গৰাকী। যদিও ড’প টেষ্টৰ সৈতে সেই নিষেধাজ্ঞাৰ কোনো সম্পৰ্ক নাই বুলি জনাইছে আন্ত:ৰাষ্ট্ৰীয় টেষ্টিং কমিটীয়ে।অলিম্পিয়ান গৰাকীৰ শৰীৰত পোৱা গৈছিল নিষিদ্ধ হিগেনামাইনৰ অৱশেষ, যি কমিটীৰ বাবে নিষিদ্ধ দ্ৰৱ্য। সুখৰ খবৰ এয়েই যে এই খেলুৱৈগৰাকীৰ ওপৰৰ পৰা এই নিষেধাজ্ঞা আতৰিব চলিত বৰ্ষৰেই জুন মাহত। কিয়নো খেলুৱৈ গৰাকীৰ ড’প টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল ২০২১ বৰ্ষৰ অক্টোবৰ মাহতেই। ইয়াৰ ওপৰিও খেলুৱৈ গৰাকীয়ে এই সময়ছোৱাত জড়িত থকা খেল সমূহৰ ফলাফলৰ নায্যতাও হেৰুৱাব অতি শীঘ্ৰেই। অৰ্থাৎ এই সময়ছোৱাত অৰ্জন কৰা পদকসমূহো উভতাই দিব লাগিব দীপা কৰ্মকাৰে। ভাৰতীয় ক্ৰীড়া ব্যৱস্থাক শেহতীয়াকৈ জুৰুলা কৰি আনিছে এনে বহু সমস্যাই। তাৰ সৈতেই এনে নতুন সংকটে নিশচয়কৈ কালিমা সানিব ভাৰতীয় ক্ৰীড়া ব্যৱস্থাক।
অলিম্পিয়ান জিনমাষ্ট দীপা কৰ্মকাৰলৈ ২১ মাহৰ নিষেধাজ্ঞা
