Fearless Press

জামুগুৰিহাটত ধাৰাবাহিকভাৱে অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰা দুই দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ

জামুগুৰিহাট,৪ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত দুজন লোকৰ কাণ্ডই এতিয়া সকলোকে হতবাক কৰি তুলিছে। সকলোৱে একেমুখে গৰিহণা দিছে এই দুই দুস্কৃতিকাৰীক। মানুহৰ চিন্তা ধাৰা কিমান নিচ হলে এনে কাম কৰিব পাৰে। জামুগুৰিহাটৰ টলকাবাৰী গাঁৱত যোৱা দুটা দিনত পাঁচটাকৈ ধান খেৰৰ মেজিত অগ্নিসংযোগ কৰি আতংকৰ সৃষ্টি কৰা দুই দুষ্কৃতিকাৰীক ৰাইজে কৰায়ত্ব কৰি চমজাই দিয়ে জামুগুৰি আৰক্ষীক। ধৃত দুই দুষ্কৃতিকাৰী ভাতৃদ্বয়ৰ নাম হ’ল বিতু গোস্বামী আৰু দেৱজিৎ গোস্বামী। যোৱানিশা গাঁওখনৰ এঘৰ ব্যক্তিৰ ঘৰৰ চৌহদত থকা মেজিত গোপনে অগ্নি সংযোগ কৰি থাকোতেই নৈশ পহৰাত থকা গাঁওখনৰ যুৱকে দুষ্কৃতিকাৰী দুজনক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে ধৃত দুই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে যোৱা দুটা দিনত পাঁচটাকৈ খেৰৰ মেজিত নিশাৰ ভাগত অগ্নিসংযোগ কৰি দুষ্কৃতিকাৰীয়ে গাঁওখনত আতংকময় পৰিবেশৰ সৃষ্টি কৰি ৰাইজৰ নিদ্ৰাহৰণ কৰিছিল।

Exit mobile version