নিউজ ডেক্স,৫ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পাৰভেজ মুছাৰফ আৰু নাই। দেওবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ‘আমেৰিকান হস্পিতাল’ নামৰ চিকিৎসালয় খনত পাৰভেজ মুছাৰফৰ মৃত্যু হয়। মৃত্যু সম্পৰ্কে পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি পাৰভেজ মুছাৰফে বিগত কিছু দিন ধৰি এমিলইডছিচ নামৰ এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ আছিল। শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসাধীন কৰাব লগীয়া হৈছিল নেতা গৰাকীক। উল্লেখ্য যে এক বৰ্ণিল ৰাজনৈতিক জীৱনৰ গৰাকী আছিল মুছাৰফ। পাকিস্তানৰ ৰাজনীতিৰ সকলো উত্থাপ-পতনেই একপ্ৰকাৰ পৰিলক্ষিত কৰিছিল নেতাজনে। প্ৰথমে সেনাধক্ষ্যৰ পৰা ১৯৯৯ চনৰ সেনাৰ অভ্যুথানৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীৰ গাদীত বহিছিল মুছাৰফ।
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পাৰভেজ মুছাৰফৰ দেহাৱসান
