Fearless Press

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ মাহমৰা খনিকৰত নিশা উত্তেজনা

গৌৰীসাগৰ, ৬ ফেব্ৰুৱাৰীঃচুলাই বেপাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত এজন বয়োজ্যেষ্ঠ ব্যক্তি।চুলাই বেপাৰী চুনুৱে আক্ৰমণ কৰে জয়ৰাম ফুকন নামৰ এজন ব্যক্তিক।চুনুৱে মূৰত আক্ৰমণ কৰে জয়ৰাম ফুকনক। ১৬ টাকৈ চিলাই পৰিছে জয়ৰাম ফুকনৰ মগজুত ।গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত জয়ৰাম ফুকনক ততাতীয়াকৈ জয়সাগৰ মেডিকেলত ভৰ্তী।গৰুৱে চুলাইভাটী নষ্ট কৰাৰ বাবেই চুলাই বেপাৰী চুনুৱে শাৰীৰিকভাৱে আক্ৰমণ কৰে ব্যক্তিজনক।ঘটনাৰ পিছতে উত্তেজিত লোকে চুলাই বেপাৰী চুনুৰ অবৈধ চুলাই ঘাটী উচ্ছেদ কৰে।নিশাই একাংশ লোকে হাতত দা-কোঠা লৈ চুনুৰ অবৈধ চুলাই ঘাটি উচ্ছেদ কৰে।ঘটনাস্থলীত গৌৰীসাগৰ আৰু আমগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে।দীৰ্ঘদিনৰপৰা চুনুৰ লগতে বহুকেইটা চুলাই বেপাৰীয়ে চুলাই প্ৰস্তুত কৰি অঞ্চলটোৰ সামাজিক বাতাবৰণ ধ্বংস কৰি আহিছিল।যোৱা নিশা সামান্য কথাতে চুলাইৰ অবৈধ ব্যৱসায়ী চুনুৱে জয়ৰাম ফুকন নামৰ ব্যক্তিজনক লোহাৰ ৰেডেৰে মূৰত মৰিয়াই গুৰুতৰভাৱে আঘাট কৰাৰ পিছতেই পৰিস্থিতি উত্তাল হৈ উঠে।উল্লেখ্য যে গৌৰীসাগৰ আৰক্ষীয়ে মাহমৰা খনিকৰত দুবাৰকৈ চুলাই ভাটী উচ্ছেদ অভিযান চলাইছিল যদিও চুলাই ব্যৱসায়ীয়ে প্ৰশাসনক বৃদ্ধাংগুস্থ প্ৰদৰ্শন কৰি চুলাইৰ ৰমৰমীয়া বেহা চলাই আহিছিল।

Exit mobile version