Fearless Press

বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ হোৱাৰ সময়তে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

বঙাইগাঁও ৮ ফেব্ৰুৱাৰীঃ বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে পৰিয়ালৰ লোকৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। তেনে অভিযোগ উত্থাপিত হৈছে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীৰ বিৰুদ্ধে। যোৱা নিশা মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং পাটকাটাৰ আব্দুল গফুৰে প্ৰেম কৰি বাল্যবিবাহ কৰিছিল যদিও মাণিকপুৰ আৰক্ষীয়ে সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত সন্তৰাদহাৰ হজৰত আলীক (আব্দুল গফুৰৰ মোমায়েক)ক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। মাণিকপুৰ আৰক্ষীৰ লগত কোনো মহিলা আৰক্ষী নোহোৱাকৈ হজৰত আলীৰ পত্নীৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীলোকে আৰক্ষীৰ বিৰুদ্ধে নানা শ্লোগান দিয়ে আৰু শীঘ্ৰে হজৰত আলীক মুকলি কৰি দিয়াৰ দাবী জনায়।

Exit mobile version