Fearless Press

জাগুনত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৪

মাৰ্ঘেৰিটা,৮ ফ্ৰেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত জাগুন উদয়পুৰৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। এ আৰ ০১ কিউ ৩৫৬৯ নম্বৰৰ এখন তীব্ৰ বেগী বিলাসী কিয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বৈদ্যুতিক খুটাত খুন্দা মাৰে।দুৰ্ঘটনাটোত বাহনখনত থকা চাৰিগৰাকী লোক গুৰুতৰ ভাবে আহত হোৱা লগতে বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। স্থানীয় লোকে দুৰ্ঘটনা প্ৰত্যক্ষ কৰি আহত লোক কেইজনক ততালিকে উদ্ধাৰ কৰি লেখাপানী স্থিত ৰাজ্যিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসকে লোক কেইজনৰ আঘাত গুৰুতৰ হোৱাত আহত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান ঘটনাস্থলীত লেখাপানী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি থানালৈ লৈ অনা লগতে লোক কেইজনৰ পৰিচয় উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে।

Exit mobile version