নিউজ ডেক্স,৯ ফেব্ৰুৱাৰীঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ টিকক পাহাৰত অসম আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান। এই অভিযানৰ অংশ হিচাপে যোৱানিশা লিডুৰ টিকক পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। আলফাৰ (স্বা) ৭ জনীয়া গোটৰ সৈতে আৰক্ষীৰ গুলীয়াগুলী হয়। যোৱানিশা প্ৰায় ১.৩০ বজাত বিশেষ সূত্ৰে আৰক্ষীয়ে লিডুৰ টিকক পাহাৰৰ দুৰ্গম স্থানত অভিযান চলায়। এই অভিযানত দুয়ো পক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলিয়াগুলী। আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ উদয় অসমৰ নেতৃত্ব আলফা স্বাধীনৰ ৭ জনীয়া এটা গোটে বাহৰ পাতি আছিল। সংঘৰ্ষত আলফা স্বাধীনৰ নেতা উত্তম লাহন ওৰফে উদয় অসমৰ মৃত্যু হয়। উল্লেখ্য যে তিনিচুকীয়া জিলাৰ লিডুৰ এজন প্ৰভাৱশালী ব্যৱসায়ীক অপহৰণ কৰাৰ পৰিকল্পনাৰে আলফা স্বাধীনৰ দলটোৱে উক্ত এলেকাত বাহৰ পাতি আছিল বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ কৰিছে। প্ৰায় ৫-৭ মিনিট ধৰি দুয়োপক্ষৰ মাজত পচণ্ড গুলীচালনা সংঘটিত হয়। সংঘৰ্ষত দুধৰ্ষ কেডাৰ উদয় অসমৰ মৃত্যু হয় যদিও বাকী কেইজন পলাই যাবলৈ সক্ষম হয় ৷ বৰ্তমান অসম আৰক্ষীয়ে সমগ্ৰ এলেকাত তীব্ৰ অভিযান অব্যাহত ৰাখিছে। নিহত হোৱা আলফা স্বাধীনৰ কেডাৰ গৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয় লৈ অনা হৈছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা ৰাইফল, ২ টা গ্ৰেনেড, আই ই ডি সামগ্ৰী, এটা বেগপেক কম্বলৰ সৈতে বিভিন্ন প্ৰকাৰৰ ঔষধ উদ্ধাৰ কৰিছে।
আৰক্ষীৰে হোৱা সংঘৰ্ষত আলফা স্বাধীনৰ এজন কেডাৰ নিহত
