গুৱাহাটী,৯ ফেব্ৰুৱাৰীঃ কাগজ কলৰ অস্থাৱৰ সম্পত্তি নিলাম কৰাৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ। বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই কাগজ কলৰ সম্পত্তি নিলাম সন্দৰ্ভত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে কেইবাশ বিষয়া-কৰ্মচাৰীৰ জীৱনলৈ অন্ধাৰ নমাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দুটা বৃহৎ কাগজ কল জাগীৰোড কাগজ কল আৰু কাছাৰৰ পাঁচগ্রাম কাগজ কল লোকচান ভৰি থকাৰ নামত বন্ধ কৰি দিয়াৰ পিছত এইবাৰ জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্রাংশ (স্ক্রেপ) বিক্ৰীৰ নামত বিয়াগোম জালিয়াতিৰ আশ্ৰয় লৈছে। স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সৰ্বোচ্চ নিৰিখ দিবলৈ প্ৰস্তুত নিবিদাকাৰীক বঞ্চিত কৰি প্ৰায় ৫০ কোটি টকাৰ লোকচানত পছন্দৰ প্ৰতিষ্ঠানক জাগীৰোড কাগজ কলৰ ‘স্ক্ৰেপ’ ক্ৰয়ৰ কাম দিবলৈ একপ্ৰকাৰ চূড়ান্ত কৰিছে। তেওঁ কয় যে ৰাজ্যৰ ৰাজকোষৰ ভয়ানক নাটনিৰ সময়ত নিজৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে এতিয়া ৰাজ্যৰ ৰাজকোষক প্রায় ৫০ কোটিৰো অধিক ধনৰ পৰা বঞ্চিত কৰাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে। এই গুৰুতৰ অভিযোগ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ। তেওঁ অভিযোগ কৰি কয় যে সমগ্ৰ ৰাজ্যখনকে এতিয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৈত্রিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
তেওঁ কয় যে জাগীৰোড কাগজ কলৰ ‘স্ক্ৰেপ’ বিক্ৰীৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে (এ আই ডি চি) আহ্বান কৰা নিবিদা জাননীৰ প্ৰতি সঁহাৰি জনাই ছটা বিভিন্ন প্রতিষ্ঠানে জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্রাংশ (স্ক্রেপ) ক্ৰয়ৰ বাবে নিবিদা দাখিল কৰিছিল। ইয়াৰে সৰ্বাধিক নিৰিখত (১৩১,৩৩,৩৩,৩৩৩ টকা) নিবিদা দাখিল কৰিছিল ‘শৈলজা কমাৰ্চিয়েল কনষ্ট্রাকচন প্রাইভেট লিমিটেড’ নামৰ থলুৱা মালিকানাধীন প্রতিষ্ঠানটোৱে। দ্বিতীয় সর্বাধিক নিৰিখ (১০৫,৫৫,৫৫,৫৫৫ টকা) আছিল ‘বজৰংবলী বাণিজ্য প্রাইভেট লিমিটেডে’ আৰু তৃতীয় সর্বাধিক নিৰিখ (৯৫ কোটি টকা) ‘চিনাৰ ষ্টীল ছেগমেণ্ট চেণ্টাৰ প্ৰাইভেট লিমিটেডে দাখিল কৰিছিল। কিন্তু এই সর্বোচ্চ নিৰিখত ‘স্ক্ৰেপ’ ক্ৰয় কৰিবলৈ নিবিদা দিয়া প্রথম তিনিওটা প্রতিষ্ঠানকে ক্ষমতাৰ জোৰত ‘অযোগ্য’ দেখুৱাই বাকী নিম্ন নিৰিখৰ নিবিদা দাখিল কৰা প্রতিষ্ঠান তিনিটাক যোগ্যতাৰ মোহৰ মাৰি মুখ্যমন্ত্ৰীৰ পছন্দৰ দিলীপ গোৱেংকাৰ মালিকানাধীন প্রতিষ্ঠানক ৫০ কোটি টকাৰ লোকচানত কাম দিবলৈ প্ৰায় ঠিৰাং কৰি পেলোৱা হৈছে। তেওঁ লগতে কয় যে দিছপুৰৰ নিৰ্দেশত যোগ্যতাৰ বাছনিত উঠা আৰু ৫০ কোটিতকৈ অধিক টকাৰ কম নিৰিখত নিবিদা দাখিল কৰা প্ৰতিষ্ঠান তিনিটা হ’ল ক্ৰমে কে ডি আইৰণ এণ্ড ষ্টীল কোম্পানী (৮১ কোটি টকা), ছানৱাৰমল খেটাৱট (৭৫.২৫ কোটি টকা) আৰু ৱিন্দ্ৰা ইঞ্জিনিয়াৰিং প্রাইভেট লিমিটেড (৭৫.১৫ কোটি টকা)। ইয়াৰে ব্যৱসায়ী দিলীপ গোৱেংকাৰ ‘কে ডি আইৰণ এণ্ড ষ্টীল কোম্পানী’ক ৮২ কোটি টকাত সমস্ত কাম সপি দিবলৈ ইতিমধ্যে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে সিদ্ধান্ত চূড়ান্ত কৰিছে। তেওঁ কয় যে সৰ্বাধিক নিৰিখত ‘স্ক্ৰেপ’ ক্ৰয় কৰিবলৈ নিবিদা দাখিল কৰা জনৈক ‘কলিতা’ক কৌশলেৰে বঞ্চিত কৰি অসমৰ ৰাজকোষত সোমাব লগীয়া ধনৰ ৫০ কোটি টকা দেখদেখকৈ লোকচান ভৰিবলৈ ওলোৱাৰ ৰহস্য কি। তেওঁ ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি এইক্ষেত্রত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট কৰাৰো দাবী জনায়। ইয়াৰ অন্যথা স্পষ্ট হৈ পৰিব যে থলুৱা ব্যৱসায়ীৰ প্ৰতিষ্ঠানক বঞ্চিত কৰি আৰু ৰাজকোষৰ এক বৃহৎ অংকৰ ধন লোকচান ভৰিবলৈ
প্রস্তুত হিমন্ত বিশ্ব শৰ্মা এই কেলেংকাৰীৰ সৈতে ওতঃপ্রোতভাৱে জড়িত। তেওঁ লগতে কয় যে কংগ্ৰেছ বহু বছৰ ৰাজ্যৰ শাসনত আছিল। প্ৰশাসনত কংগ্ৰেছৰ মানুহ আছে। বহু শীর্ষ বিষয়াই এতিয়াও কংগ্ৰেছৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলিছে আৰু দুৰ্নীতি-অনিয়মৰ অনেক তথ্য সময়ে সময়ে কংগ্ৰেছক যোগান ধৰি আছে। তেওঁ কয় যে কংগ্ৰেছ দলে গোপনীয়তা ৰক্ষা কৰি চলে আৰু কোনো পৰিস্থিতিতে সেইসকলৰ পৰিচয় কংগ্ৰেছে ৰাজহুৱা নকৰে। জাগীৰোড কাগজ কলৰ এই গোপন জালিয়াতিৰ অধিক বিস্তৃত তথ্য প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ হাতলৈ আহিব বুলি সদৰি কৰি তেওঁ কয় যে অচিৰেই এই সকলো তথ্য ৰাইজৰ আগত দাঙি ধৰা হ’ব। আনহাতে লুণ্ঠনৰ এই সমস্ত বিষয়টো অসম বিধান সভাৰ আগন্তুক অধিবেশনত সজোৰে উত্থাপন কৰি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ অভিসন্ধি উদঙাই দিবলৈ কংগ্ৰেছ বিধায়িনী দলৰ দলপতিক প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অনুৰোধ জনাব বুলি তেওঁ কয়।
