Fearless Press

বাল্য বিবাহৰ ভোক্তভোগী বালিকাৰ পুনৰ সংস্থাপনৰ বাবে তিনিজনীয়া কেবিনেট কমিটী গঠন

গুৱাহাটী,১০ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বৃহস্পতিবাৰে জনতা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু আৰু অশোক সিংহালে।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিশ্ব বেংকৰ ঋণেৰে ৰাজ্যত নতুনকৈ ১০খন অত্যাধুনিক চিকিৎসালয় স্থাপন কৰা হ’ব। ইয়াৰ বাবে ২৫৩০ কোটি টকা ধাৰ্য কৰা হৈছে। কেবিনেটে ইয়াৰ অনুমোদন জনায়। তদুপৰি ৰাজ্যৰ ২৫ খন চিকিৎসালয়ৰ আন্তঃগাঠনি উন্নত কৰা হ’ব। বিশেষকৈ গ্ৰামাঞ্চলৰ ২৫ খন চিকিৎসালয়ৰ মেৰামতিৰ কাম কৰা হ’ব। আনহাতে নিৰ্মিয়মান অৱস্থাত থকা ৭ খন কৰ্কট হাস্পতালৰ বাবে আজিৰ কেবিনেটে ১৫০ কোটি টকা মোকলাই দিয়ে। সেইদৰে চাইন্স এণ্ড টেকনল’জী এণ্ড ক্লাইমেট চেইঞ্জ বিভাগৰ অধীনত অস্থায়ীভাৱে নিযুক্তি দিয়া বিজ্ঞান আৰু গণিতৰ শিক্ষকৰ চাকৰি অন্যান্য সা-সুবিধাৰে ৬০ বছৰ বয়সলৈ কৰাৰ ক্ষেত্রত কেবিনেটে অনুমোদন জনায়। কেবিনেটত বিহুক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে ১৪ এপ্ৰিলত বিশাল উৎসৱ অনুষ্ঠিত কৰাৰ প্ৰসংগত আলোচনা কৰা হয়। সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰ নাচনী আৰু ঢুলীয়াই অংশ গ্ৰহণ কৰি বিহু পৰিবেশন কৰিব। এই অনুষ্ঠানৰ সাক্ষী হোৱাৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক আমন্ত্রণ জনোৱা হৈছে। সেইদৰে কেবিনেটে সংশোধীত ইণ্ডাষ্ট্ৰী এণ্ড ইনভেষ্টমেণ্ট পলিচী-২০২৩ ত অনুমোদন জনায়। এই পলিচীৰ অধীনত অসমত ১০০ কোটি টকা বিনিয়োগ কৰিলে বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ পৰা কাষ্টমমেড পলিচী ল’ব পাৰিব। ইয়াৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী কৰা হৈছে। ইফালে কেবিনেটে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা পদক্ষেপৰ বাবে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। বাল্য বিবাহৰ ক্ষেত্রত লাভ কৰা অভূতপূৰ্ব সফলতাৰ বাবে কেবিনেটে অসম আৰক্ষীক ভূয়সী প্ৰশংসা কৰে। লগতে কেবিনেটে আৰক্ষীক এই অভিযান অব্যাহত ৰখাৰ বাবে নিৰ্দেশ দিয়ে। আনহাতে বাল্য বিবাহৰ ভোক্তভোগী হোৱা ছোৱালীসকলৰ পুনৰ সংস্থাপনৰ বাবে কেবিনেটে এখন তিনিজনীয়া কেবিনেট কমিটী গঠন কৰি দিছে। মন্ত্রী ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত আৰু অজন্তা নেওগৰ দ্বাৰা গঠিত কমিটীখনে সমগ্ৰ বিষয়টো অধ্যয়ন কৰি সমাধানসূত্র উলিয়াই চৰকাৰক প্ৰতিবেদন দাখিল কৰিব। সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব।

Exit mobile version