Fearless Press

মাৰ্ঘেৰিটাত ড্ৰাগছ বিৰোধী অভিযান

মাৰ্ঘেৰিটা, ১৪ ফেব্ৰুৱাৰীঃমাৰ্ঘেৰিটাত ড্ৰাগ্‌চ বিৰোধী অভিযান। অভিযানত জব্দ নগদ ধন,ড্ৰাগছ , এখন মটৰ চাইকেলৰ লগতে পাঁচখনকৈ ড্ৰাগছ বেপাৰী।উল্লেখ্য যে দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটাকে আদি কৰি মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত অব্যাহত থকা মাৰাত্মক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে।আজি মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰ ভিত্তিত অভিযান চলাই মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলৰ পৰা ড্ৰাগ্‌চ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক কেইজন হৈছে এক নং ডিবঙৰ চেং চিংফৌ ৩১, ৪ নং মাকুমপথাৰৰ কুনাল সৰকাৰ (৩২), অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ফোংচাৰ নিবাসীনঘম হাৰাপ (১৮), চিনমিক শ্বিন (৩৪) আৰুপংৱাং হাৰাপ (১৬) ।লোক কেইজনৰ পৰা আৰক্ষীয়ে ৬৪.৪৫ গ্ৰাম ড্ৰাগছ , নগদ ৪২,৩০০ হাজাৰ টকা আৰু এ এচ ২৩ এক্স ০১৮৯ নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰিছে। ইতিমধ্যে লোক কেইজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষীয়ে এন ডি পি এচৰ অধীনত এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

Exit mobile version