Fearless Press

নিজৰ মানুহৰ জৰিয়তে উন্নয়ন পুঁজিৰ লুণ্ঠন চলাই আছে প্ৰমোদ বড়োই : তৃণমূল কংগ্ৰেছ

গোৰেশ্বৰ,১৪ ফেব্ৰুৱাৰীঃ এইবাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ। আজি গোৰেশ্বৰৰ কাউৰবাহাত অসম তৃণমূল কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰি প্ৰমোদ বড়োৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে। সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় -‘হাগ্ৰামা মহিলাৰীৰ দৰেই দুৰ্নীতিত লিপ্ত হৈছে প্ৰমোদ বড়ো। নিৰ্বাচনী প্ৰতিশ্ৰুতি পুৰণত ব্যৰ্থ হৈছে বৰ্তমানৰ বিটিআৰ চৰকাৰ। প্ৰমোদ বড়ো কাগজৰ বাঘ। প্ৰতিশ্ৰুতি দি কাম নকৰা প্ৰমোদ বড়ো ‘ক্লীন ইমেজ’ৰ মানুহ নহয়। আঢ়ৈ বছৰে বিটিআৰত ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰা নাই। নিজৰ মানুহৰ জৰিয়তে উন্নয়ন পুঁজিৰ লুণ্ঠন চলাই আছে প্ৰমোদ বড়োৱে।’ তেওঁ লগতে কয় যে শীঘ্ৰে বিটিআৰত ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব। গোৰেশ্বৰৰ কাউৰবাহাস্থিত তৃণমূল কংগ্ৰেছৰ তামুলপুৰ জিলা কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত বিটিআৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে দিলীপ কুমাৰ শৰ্মাই।

Exit mobile version