Fearless Press

পাঁচ বছৰত পুলিচ লকআপত ২৮ জন কয়দীৰ মৃত্যু

গুৱাহাটী,১৫ ফেব্ৰুৱাৰীঃ জনহিত জনসেৱাৰ্থে নিয়োজিত হৈ থকা অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰ‍ায়ে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাটো কোনো নতুন কথা নহয়। একাংশ আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানৰ আচৰণ-ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ খাকী পোছাকত দাগ নলগাকৈ থকা নাই। ৰাইজৰ সেৱাৰ বাবে নিয়োজিত কিছুসংখ্যক অসম আৰক্ষীয়ে ৰাইজৰ প্রতি থাকিবলগীয়া দায়বদ্ধতা পাহৰি পেলোৱাটো প্ৰায়ে পৰিলক্ষিত হয়। যাৰ বাবেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে আৰক্ষীক নিজৰ দায়বদ্ধতাৰ কথা সোঁৱৰাই দিবলগীয়া হৈছে। কিন্তু তথাপিও আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। শেহতীয়াকৈ ৰাজ্য সভাত অসম আৰক্ষীৰ এক নেতিবাচক ছবি উন্মোচিত হৈছে। তথ্য অনুসৰি ২০১৭ চনৰ পৰা এই পৰ্যন্ত অসমত আৰক্ষীৰ লকআপত ২৮ জন কয়দীৰ মৃত্যু হৈছে। ইয়াৰে ২০১৭-১৮ চনত ১১ জনৰ, ২০১৮-১৯ চনত ৫ জনৰ, ২০১৯-২০ চনত ২ জনৰ, ২০২০-২১ চনত এজনৰ আৰু ২০২১-২২ চনত ৯ জনৰ মৃত্যু হয়। আনহাতে সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ তথ্য আৰু অধিক ভয়াৱহ। ২০১৭ চনৰ পৰা এই পৰ্যন্ত ৬৬৯ গৰাকী আচামীৰ মৃত্যু হৈছে। ২০২১-২২ চনৰ তালিকা অনুসৰি পৰিসংখ্যাৰ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ ৷ দ্বিতীয় স্থানত আছে গুজৰাট। একেদৰে তৃতীয় আৰু চতুৰ্থ স্থানত ক্ৰমে বিহাৰ আৰু ৰাজস্থান আছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত ৰুজু হোৱা গোচৰৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰা হৈছে। উল্লেখ যে তথ্য অনুসৰি অসম আৰক্ষীৰ আচৰণ জনতাৰ প্ৰতি সুবিধাজনক নহয়। ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনতো অসম আৰক্ষীৰ এখন নেতিবাচক ছবি দেখিবলৈ পোৱা গৈছে। আয়োগৰ প্ৰতিবেদন অনুসৰি অসম আৰক্ষীয়ে অৰ্ধশতাধিক গুৰুতৰ অসদাচৰণ আৰু দুই শতাধিক অসদাচৰণৰ ঘটনা সংঘটিত কৰিছে। অসম আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বহু অভিযোগ উত্থাপন হৈ আহিছে। উল্লেখ যে আৰক্ষীৰ বিৰুদ্ধে থকা অভিযোগসমূহ গ্ৰহণ কৰি যথোপযুক্ত ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিবলৈ ২০০৭ চনৰ এখন আইনৰ অধীনত ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা আৰক্ষী দায়বদ্ধতা আয়োগ গঠন কৰি আহিছে। আয়োগৰ প্ৰতিবেদনত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা, গুৰুতৰভাৱে আহত কৰা, আৰক্ষীৰ দ্বাৰা যৌন আতিশয্য, বলাৎকাৰ আৰু বলাৎকাৰৰ চেষ্টা চলোৱাৰ ঘটনাৰ কথা উল্লেখ কৰা হৈছে। তদুপৰি আৰক্ষীৰ দ্বাৰা বিধিগত প্ৰচেষ্টা নচলোৱাকৈ গ্ৰেপ্তাৰ কৰা, সম্পত্তিৰ প্ৰকৃতগৰাকীক বলপূৰ্বকভাৱে বঞ্চিত কৰা, ব্লেক মেইলিং আৰু ধন দাবীৰ বহু অভিযোগ দায়বদ্ধতা আয়োগে উল্লেখ কৰিছে। ৰাজ্য চৰকাৰক আয়োগে দাখিল কৰা প্ৰতিবেদনত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰা, আৰক্ষীৰ কাষ চপা মানুহক হাৰাশাস্তি কৰা, বেয়া ব্যৱহাৰ কৰা আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰা ঘটনা সম্পর্কত ব্যৱস্থা ল’বলৈ চৰকাৰক পৰামৰ্শ দিছে। অসম আৰক্ষীৰ প্ৰতি উত্থাপিত হোৱা বিভিন্ন অভিযোগৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক সাধাৰণ জনতাৰ প্ৰতি সৌহাদ্যমূলক আচৰণ কৰাৰ লগতে পূৰ্বৰ বেয়া ব্যৱহাৰ সলনি কৰাৰ বাবে নিৰ্দেশ দিবলগীয়া হৈছে। শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ বিষয়া-জোৱান সকলক জনতাৰ লগত সু-সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে কেতবোৰ নিৰ্দেশনা দিছে। অৱশ্যে এই সকলো নিৰ্দেশনা বাস্তৱ ক্ষেত্রত কিমানদূৰ কাৰ্যকৰী হ’ব সেয়া সময়েহে ক’ব।

Exit mobile version