গুৱাহাটী,১৫ ফেব্ৰুৱাৰীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বুধবাৰে শপত ল’লে ন্যায়াধীশ সন্দীপ মেহতাই। ৰাজভৱনত ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰায়। ন্যায়াধীশ সন্দীপ মেহতাৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। গাম্ভীৰ্যতাপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে ন্যায়াধীশ সন্দীপ মেহতাক অভিনন্দন জনাই আৰু মুখ্য ন্যায়াধীশ হিচাপে সফল কাৰ্যকালৰ কামনা কৰে। উল্লেখ যে ১২ ফেব্ৰুৱাৰীত এক নিৰ্দেশনা অনুসৰি সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে তেওঁক ২০১১ত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁ ১৯৮৬ চনত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০০৪ চনৰ পৰা ২০০৫ লৈ তেওঁ বাৰ কাউন্সিল অফ ৰাজস্থানৰ উপ-সভাপতি হিচাপে কাৰ্য নিৰ্বাহৰ পিছত ২০১০ চনত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই অৱসৰ গ্ৰহণ কৰাৰ বাবে সন্দীপ মহেতাক তেওঁৰ স্থানত নিযুক্তি প্ৰদান কৰা হয়।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত ল’লে সন্দীপ মেহতাই
