তিনিচুকীয়া, ১৫ ফেব্ৰুৱাৰীঃ ৰেল আৰক্ষী,অসম আৰক্ষী,জিলা প্ৰশাসনৰ বৃহৎ দলে উচ্ছেদ অভিযান চলাই।জে চি বি লৈ চলোৱা হৈছে উচ্ছেদ অভিযান।এই অভিযানত স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীক লাঠি চালনা কৰিছে বুলি ছাত্ৰ-ছাত্ৰী সকলে অভিযোগ আনে।উচ্ছেদ অভিযানত উপস্থিত থকা লোক সকলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে।সাধাৰন লোক আৰু আৰক্ষী দুয়োপক্ষৰ কেইবাজনো আঘাটপ্ৰাপ্ত।দীৰ্ঘদিন ধৰি বসবাস কৰি থকা এই সকল লোকৰ উচ্ছেদক মাহে মাহে জাননী প্ৰেৰণ কৰাৰ উপৰিও পুনৰ লৈ তিনিদিনীৰ পূৰ্বে উচ্ছেদক লৈ জাননী প্ৰেৰণ কৰিছিল কিন্তু স্থানীয় লোক সকলে আগন্তুক ১৫ মাৰ্চ লৈকে কৰ্টৰ ষ্টে অৰ্ডাৰ লৈ অহাৰ পাছতো আজি হৰ্ঠাত আজি এনেদৰে উচ্ছেদক লৈ এতিয়া উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
ডিগবৈৰ বগাপানীত ৰেল বিভাগৰ উচ্ছেদ অভিযান
