Fearless Press

ৰাজ্যৰ ৩.৮ লাখ হিতাধিকাৰীলৈ পি এম এ ৱাইৰ প্ৰথম কিস্তিৰ ধন মুকলি

গুৱাহাটী,১৬ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্রী আৱাস যোজনাৰ (গ্ৰ‍ামীণ) অধীনত ৰাজ্যৰ ৩.৮ লাখ হিতাধিকাৰীলৈ আজি আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন মুকলি কৰা হয়। ইয়াৰ যোগেদি প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ ৩২৫০০ টকা প্ৰদান কৰা হ’ব। এই উপলক্ষ্যে কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰমোন্নয়ন মন্ত্রী ৰনজিৎ কুমাৰ দাসে আনুষ্ঠানিকভাৱে পুঁজি প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ ৩.৮ লাখ লোকে গৃহ নিৰ্মাণৰ বাবে আজিৰে পৰা প্ৰথম কিস্তিৰ ধন লাভ কৰিব। উল্লেখ যে এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীয়ে ১.৩০ লাখ টকাৰ নগদ ধনৰ লগতে এনৰেগাৰ অধীনত ২১ হাজাৰ টকাসহ মুঠ ১.৫১ লাখ টকা লাভ কৰিব। প্ৰথম কিস্তিৰ ধন ব্যয় কৰাৰ পাছত দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্রী ৰনজিৎ কুমাৰ দাসে কয় যে গাঁৱৰ উন্নয়ণ অবিহনে দেশৰ উন্নয়ণ সম্ভৱ নহয়। যাৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গাঁৱৰ উন্নয়ণত বিশেষ গুৰুত্ব দিছে। গাঁৱৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ যাতে এটা সুন্দৰ ঘৰ হয় তাৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছে। এই আঁচনিৰ ধন ১.৫১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে ২০১৬ চনৰ পৰা অসমে এতিয়ালৈকে ১৯ লাখ গৃহৰ অনুমোদন লাভ কৰিছে আৰু ইয়াৰ ভিতৰত ৭.৬৪ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২০ মাহৰ কাৰ্যকালত ৩.৬১ লাখ গৃহ নিৰ্মাণ কৰা হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। আনহাতে আজি ৩.৮০ লাখ গৃহৰ বাবে প্ৰথম কিস্তিৰ পুঁজি মুকলি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়ালৈকে আঁচনিখনৰ বাবে ৯৬৮৮ কোটি টকা মোকলাই দিয়া হৈছে। তেওঁ সকলোকে নিৰ্ধাৰিত সময়ৰ গৃহ সমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি আঁচনিখন সফল কৰি তোলাৰ বাবে আহ্বান জনায়।

Exit mobile version