গুৱাহাটী,১৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল মেচ। ইতিমধ্যে ঘোষণা কৰা হৈছে খেলৰ দিন। অসম ক্ৰিকেট সন্থাই পূৰ্বৰে পৰা গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ক’ভিডৰ পূৰ্বে ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে লৈ দুখন মেচ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ভিডৰ বাবেই সেয়া হৈ নুঠিল। এইবাৰ পুনৰ আই পি এল পূৰ্বৰ দৰেই বাধাহীন ভাৱে অনুষ্ঠিত কৰা হ’ব। সেয়ে অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছক বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোমগ্ৰাউণ্ড হিচাপে ল’বলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি ৰাজস্থান ৰয়েলছে সঁহাৰি জনাইছে। এই সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে কয় যে অসমৰ যিহেতু আই পি এলৰ দল নাই সেয়ে ৰাজস্থান ৰয়েলছক বৰ্ষাপাৰক তেওঁলোকৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ ল’বলৈ আহ্বান জনোৱা হৈছে। তেওঁলোকে আমাৰ আহ্বানৰ প্ৰতি সহাৰি জনাইছে। বি চি চি আইয়কো অসমত কমেও ২ খন আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনোৱা হৈছিল। সেই আহ্বানৰ প্ৰতি সহাৰি জনাই দুখন খেল দিছে। সেই অনুসৰি ৫ এপ্ৰিল আৰু ৮ এপ্ৰিলত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আই পি এলৰ দুখন খেল অনুষ্ঠিত হ’ব। পাঞ্জাৱ কিঙচ আৰু দিল্লী কেপিটেলচৰ লগত ৰাজস্থান ৰয়েলছৰ দুখন খেল অনুষ্ঠিত হ’ব।
গুৱাহাটীৰ বৰ্ষাপাৰাত হ’ব আই পি এলৰ দুখন খেল
