হাটশিঙীমাৰী,২০ ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ সহযোগত কালাপানীত আঞ্চলিক আমছুৰ উদ্যোগত মদ, জুৱা, ড্ৰাগছ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এক সজাগতা মূলক পদযাত্ৰা অনুষ্ঠিত কৰা হয়। মুকলি সভাত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কৃতাঞ্জলি কাশ্যপ, দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ সাধাৰণ সম্পাদক ফিৰোজ আল ফাৰুক খন্দকাৰ, উপ সভাপতি আমিনুৰ ইছলাম, কালাপানী আঞ্চলিক আমছুৰ সভাপতি আবুল কালাম আজাদৰ লগতে বিভিন্ন আঞ্চলিকৰ পৰা অহা আমছুৰ বিষয়ববীয়াৰ সকলৰ লগত অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি। বাল্যবিৱাহ সমাজৰ এক মাৰাত্মক ব্যাধি, এই বাল্যবিৱাহৰ বাবে সমাজখন পঙ্গু হোৱা পৰিলক্ষিত হয়৷ কিয়নো বাল্যবিৱাহ হোৱা কিশোৰীয়ে জন্ম দিয়া শিশু সকলোৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰে৷ সমাজখনত বসবাস কৰা সচেতন ৰাইজৰ মাজত যিমান দিনলৈকে সজাগতা নাহে তেতিয়ালৈকে এই ব্যাধিৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ নহব বুলি জিলা আমছুৰ সাধাৰণ সম্পাদক ফিৰোজ আল ফাৰুক খন্দকাৰে সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায়৷ লগতে ২০২৩ বৰ্ষতো জিলাখনত বাল্যবিৱাহৰ লগতে শিশু শ্ৰমিক জিলাখনত এতিয়াও আছে, এই শিশু শ্ৰমিক আৰু বাল্যবিৱাহ বন্ধ কৰিবলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা সজাগতামূলক অনুষ্ঠান চলাই থকা পৰিলক্ষিত হৈছে৷ আজিও জিলাখনত বহু শিশু শ্ৰমিক আছে এই শিশু শ্ৰমিক বন্ধ কৰিবলৈ জিলা প্ৰশাসনে শিক্ষা বিভাগক প্ৰতিটো বিদ্যালয়ত থকা শিশুৰ উপস্থিতি লবলৈ নিৰ্দেশ দিছে৷ কোনো এজন শিশু যদি একসপ্তাহ বিদ্যালয়ত উপস্থিত নাথাকে তেতিয়া হলে শিশুজনৰ অভিভাৱকক বুজাই পুনৰ মুল সুতিলৈ ঘুৰাই আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জিলা অতিৰিক্ত উপায়ুক্ত কৃতাঞ্জলি কাশ্যপে সদৰি কৰে৷
