Fearless Press

গুৱাহাটীত বিলাসী এম ভি গংগা বিলাস

গুৱাহাটী,২০ ফেব্ৰুৱাৰীঃ গুৱাহাটী আহি পালে এম ভি গংগা বিলাস। আজি বিয়লি এম ভি গংগা বিলাস গুৱাহাটীৰ পাণ্ডু প’ৰ্টত উপস্থিত হয়।উল্লেখ্য যে বিশ্বৰ সৰ্বাধিক দূৰত্বৰ যাত্ৰা সম্পূৰ্ণ কৰিবলগীয়া এই প্ৰমোদকাৰী এম ভি গংগা বিলাস অসমত প্ৰৱেশ কৰাৰ পিছতে পৰ্যায়ক্ৰমে ধুবুৰী, গোৱালপাৰা, শুৱালকুছিত অসমৰ চহকী কলা, সংস্কৃতিৰ সৈতে পৰিচয় হৈছিল। এই এম ভি বিলাসৰ যাত্ৰীসকলক এই অঞ্চলসমূহৰ চহকী কলা, সংস্কৃতি উপভোগ কৰাৰ সুযোগ প্ৰদান কৰা হৈছিল। তাৰোপৰি এই ঠাই সমূহৰ ঐতিহ্যমণ্ডিত ঠাই সমূহো দৰ্শনৰ ব্যৱস্থা কৰা হৈছিল। আজি পুৱাৰ ভাগত এম ভি গংগা বিলাস আহি উপস্থিত হয় শুৱালকুছিত। ইয়াত তেওঁলোকে শুৱালকুছিৰ পাট, মুগা শিল্পৰ বিষয়ে যাত্ৰীসকলে জ্ঞান আহৰণ কৰাৰ লগতে স্থানীয় খাদ্যৰ সুৱাদ গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে তেওঁলোকে আহি গুৱাহাটীৰ পাণ্ডু প’ৰ্টত উপস্থিত হয়। আজি নিশা গুৱাহাটীত পাৰ কৰাৰ পিছত তেওঁলোকে কাইলৈ পুনৰ গুৱাহাটী এৰি আন আন লক্ষ্যস্থানলৈ যাত্ৰা কৰিব। গুৱাহাটীত তেওঁলোকে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ উপৰিও আন আন নিৰ্দিষ্ট স্থান পৰ্যবেক্ষণ কৰিব। উল্লেখ্য যে এম ভি গংগা বিলাসে অসমত মুঠ ১৩ দিন ভ্ৰমণ কৰিব। গুৱাহাটীৰ পাছত তেওঁলোকে কাজিৰঙা, মাজুলী হৈ ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ’বগৈ। এই এম ভি গংগা বিলাসত ছুইজাৰলেণ্ডৰ ২৬ গৰাকী, জাৰ্মানীৰ ২ গৰাকী পৰ্যটক আছে।

Exit mobile version