Fearless Press

অসমৰ ৰাজ্যপাল হিচাপে বুধবাৰে শপত ল’ব গুলাব চান্দ কাটাৰীয়াই

গুৱাহাটী,২১ ফেব্ৰুৱাৰীঃ অসমৰ নতুন ৰাজ্যপাল হিচাপে বুধবাৰে শপত গ্ৰহণ কৰিব গুলাব চান্দ কাটাৰীয়াই। বুধবাৰে দিনৰ ১১ বজাত কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত গুলাব চান্দ কাটাৰীয়াই অসমৰ ৰাজ্যপাল হিচাপে কৰ্ত্তব্য আৰু দায়িত্বৰ শপত গ্ৰহণ কৰিব। সেই উপলক্ষ্যে আজি বিয়লি তেওঁ সপত্নীক গুৱাহাটীত উপস্থিত হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত গুলাব চান্দ কাটাৰীয়াক অসম চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। বিমানবন্দৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ঊৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিমল বড়া, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, মুখ্য সচিব, গুৱাহাটী আৰক্ষী আয়ুক্তকে ধৰি চৰকাৰী ভালেসংখ্যক বিষয়াই গুলাব চান্দ কাটাৰীয়াক আদৰণি জনায়। উল্লেখ্য যে ১২ ফেব্ৰুৱাৰীত অসমৰ লগতে দেশৰ ১৩ খন ৰাজ্যত ৰাজ্যপালৰ নিযুক্তি দিয়া হৈছিল। সেই মৰ্মে অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল গুলাব চান্দ কাটৰীয়াক। গুলাব চান্দ কাটৰীয়া হৈছে ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী। উল্লেখ যে ৰাজস্থানৰ বিৰোধী দলৰ দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গুলাব চান্দ কাটৰীয়া বিজেপিৰ এগৰাকী প্ৰবীণ ৰাজনীতিক। ৰাজস্থান চৰকাৰত তেওঁ গৃহমন্ত্রীৰ দায়িত্বত আছিল। তদুপৰি তেওঁ বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য আছিল। ৰাজস্থানৰ উদয়পুৰৰ নিবাসী গুলাব চান্দ কাটৰীয়া কেইবাৰো সাংসদ ৰূপে জয়ী হৈছিল। পূৰ্বে তেওঁ ৰাজস্থান চৰকাৰত গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত বিভাগৰ মন্ত্রী আছিল। ১৯৪৪ চনৰ ১৩ অক্টোবৰত জন্ম গ্ৰহণ কৰা গুলাব চান্দ কাটাৰীয়া ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থান চৰকাৰত গৃহমন্ত্রীৰ দায়িত্বত আছিল। ১৯৭৭ চনত প্ৰথম বাৰৰ বাবে তেওঁ ৰাজস্থানৰ উদয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তেতিয়াৰে পৰাই উদয়পুৰ সমষ্টি তেওঁ খোপনি পোতিবলৈ সক্ষম হয়। ১৯৮০ চনত তেওঁ পুনৰ জয়ী হয়। তেওঁ ৰাজস্থান বিধানসভাৰ প্ৰাকঃকলন সমিতিৰ সদস্য আছিল। ৰাজনীতিৰ ক্ষেত্রখনত দীঘলীয়া অভিজ্ঞতাৰে পুষ্ট এইগৰাকী প্ৰবীণ ৰাজনীতিক গুলাব চান্দ কাটাৰীয়াক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আৰু বুধবাৰে তেওঁ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব। ইতিমধ্যে আজি তেওঁ পত্নীৰ সৈতে গুৱাহাটীত উপস্থিত হয়।

Exit mobile version