Fearless Press

পাকাবেতবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক জবাবদিহি কৰিলে ৰাইজে

বৰপেটা,২২ ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ২০১৫ নং (ক) পাকাবেতবাৰী প্ৰাথমিক বিদ্যালয়ত অভিভাৱকে জবাবদিহি কৰিলে একাংশ শিক্ষক-শিক্ষয়ত্রীক। অভিযোগ অনুসৰি বিদ্যালয়খনৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে পুৱা ১০ বজাত বিদ্যালয়ত উপস্থিত হৈ ১২ বজাৰ লগে লগে গুচি যোৱা আৰু শ্ৰেণীকোঠাত সোমাই মোবাইলত ব্যস্ত থাকে। যাৰ বাবে আজি স্থানীয় অভিভাৱক ৰাইজে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীক ঘেৰাও কৰি জবাবদিহি কৰে। উল্লেখ্য যে বিদ্যালয়খনৰ বিশেষকৈ তিনিগৰাকী শিক্ষয়িত্ৰী ক্ৰমে দুলুমণি দাস, বন্দনা কলিতা আৰু হিমাক্ষী বৈশ্যৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে অভিযোগ উত্থাপন কৰে। পিছে হিমাক্ষী বৈশ্যই ট্ৰেনিং থকাত পলম হয় বুলি তেওঁ কয় যদিও দুলুমনি দাসে পুৱা ৯.৪৫ বজাত বিদ্যালয়ত উপস্থিত হয় বুলি প্ৰকাশ কৰে ৰাইজে। এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰদীপ বায়নে শিক্ষয়িত্ৰীসকলক সঠিক সময়ত বিদ্যালয়ত উপস্থিত হবলৈ কৈ আহিছে যদিও প্ৰধান শিক্ষকগৰাকীৰ কথাত কোনো কেৰেপ নকৰে বুলি সাংবাদিকৰ আগত মতপোষণ কৰে প্ৰধান শিক্ষকগৰাকীয়ে। এইক্ষেত্ৰত ৰাইজে বিহিত ব্যৱস্থাৰ বাবে চৰকাৰক দাবী জনাইছে।

 

Exit mobile version