Fearless Press

তুৰস্কৰ শ্ৰমিকক ক্ষতিপূৰণ হিচাপে চৰকাৰী সাহায্য প্ৰদান

নিউজ ডেক্স,২২ ফেব্ৰুৱাৰীঃ ভয়ংকৰ ভূমিকম্পৰ দ্বাৰা ব্যাপক ক্ষতিগ্ৰস্ত হৈছে তুৰস্ক। সাধাৰণ মানুহে অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হ’বলগীয়‍া হৈছে। এই পৰিস্থিতিত চৰকাৰো সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। উদ্ধাৰ আৰু দুৰ্ঘটনাত গৃহহীনক সহায় কৰাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। কিন্তু এনে সমালোচনাৰ মাজতে দেশখনৰ প্ৰশাসনে এটা ডাঙৰ সিদ্ধান্ত লৈছে। ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা তুৰস্কৰ ১০খন প্ৰদেশত বৰ্ত্তমান কাকো কামৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে চৰকাৰে। যিকোনো ক্ষেত্ৰতে এনে পদক্ষেপেৰে কোনো পৰিয়ালক পুনৰ আৰ্থিক সমস্যাত পেলাব নোৱাৰিব। বুধবাৰে তুৰ্কী প্ৰশাসনে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। ইয়াত কোৱা হৈছে যে ভূমিকম্পৰ ফলত বৃহৎ বা মধ্যমীয়া ক্ষতিগ্ৰস্ত হোৱা কোম্পানী সমূহৰ অধিকাংশ শ্ৰমিকক ক্ষতিপূৰণ হিচাপে চৰকাৰী সাহায্য দিয়া হৈছে। দেশৰ ১০খন ভূমিকম্প প্ৰৱণ প্ৰদেশত চাকৰিৰ পৰা ছুটীৰ ব্যৱস্থা কৰা হৈছে বুলিও জনোৱা হৈছে।

Exit mobile version