গুৱাহাটী,২৫ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা-২ জৰিয়তে ভূমি পট্টা লাভৰ ক্ষেত্ৰত এতিয়াও অনিশ্চয়তাত আছে মহানগৰীৰ ৪০ সহস্রাধিক পৰিয়াল। অধিকাংশ লোকেই বসুন্ধৰাৰ জৰিয়তে ভূমিৰ পট্টা বিচাৰি অনলাইনযোগে আবেদন কৰিবলৈ গৈ বাৰে বাৰে মুখথেকেচা খাবলগীয়া হৈছে। ইয়াৰ মূলতে আছে বসুন্ধৰাৰ অনলাইন ব্যৱস্থাত ব্যাপক বিসংগতি তথা খেলিমেলি। বিশেষকৈ একচনীয়া মাটিৰ দখলদাৰৰ বাবে পট্টা বিচৰাৰ কোনো অপচনে নাই অনলাইন আবেদনপত্রত। কেৱল ইমানেই নহয়, জৰীপ নোহোৱা ভূমি, ভিজিআৰ-পি জি আৰ ভূমি, ৰায়তীস্বত্বৰ ভূমিৰ গৰাকীক পট্টাৰ বাবে আবেদন কৰিবলৈ ৰাজ্য চৰকাৰে অনলাইন আবেদন ব্যৱস্থাত কোনো ‘অপচন’ ৰখা নাই। যাৰ পৰিণতিত হেজাৰ হেজাৰ পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। পট্টা বিচাৰি আবেদনৰ বাবে চৰকাৰে মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে আবেদন কৰিবলৈ ধার্য কৰা শেষ সময়সীমা উকলিবলৈ মাত্র এমাহ সময় আছে যদিও এতিয়াও বহু লোকে আবেদন কৰিবলৈ সক্ষম হোৱা নাই। ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে জানিবলৈ দিয়া অনুসৰি মহানগৰীৰ ৮৫ হেজাৰ পৰিয়ালৰে নাই ভূমি পট্টা। মিছন বসুন্ধৰাৰ জৰিয়তে এতিয়ালৈকে ৫০ শতাংশ লোকেহে পট্টা বিচাৰি আবেদন কৰিব পাৰিছে। বিশেষকৈ মহানগৰীৰ ১৮ খন পাহাৰত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা লোকসকলৰ বেছিভাগেই এতিয়ালৈকে মিছন বসুন্ধৰা কি ভালদৰে বুজিয়ে পোৱা নাই বুলিও ক্ষোভ ব্যক্ত কৰে সংগঠনটোৰ নেতৃত্বই। সাধাৰণ লোকৰ সুবিধার্থে অনলাইন আবেদন ব্যৱস্থা উজু তথা সহজসাধ্য কৰিবলৈ আহ্বান জনাই ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসমে ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে যদিও কোনো গুৰুত্ব দিয়া নাই বুলিও জনাই সংগঠনটোৰ নেতৃবর্গই। অনলাইন আবেদনৰ জৰিয়তে ভূমি পট্টা প্ৰদানৰ নামত ৰাজ্য চৰকাৰে কেৱল সৰ্বসাধাৰণ ৰাইজক আভুৱা ভাঁৰিছে বুলি তীব্র ক্ষোভ ব্যক্ত কৰি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্রবীণজ্যোতি কলিতাই কয় যে মিছন বসুন্ধৰাৰ জৰিয়তে পট্টা বিচৰা আৰু পৰ্বতত কাচৰ কণী বিচৰা একেই কথা। চৰকাৰে কোনো দল-সংগঠন তথা বিশেষজ্ঞৰ লগত আলোচনা নকৰি কেৱল মধ্যভোগীৰ কথামতে এই অভিযান চলাইছে। যাৰ পৰিণতিত এই মিছন বসুন্ধৰা অভিযান এতিয়া চৰম ভেঁকোভাওনাত
পৰিণত হৈছে। উল্লেখ্য যে বসুন্ধৰা ২.০ৰ জৰিয়তে অনলাইন আবেদনৰ সময় ১০ জানুৱাৰীতে উকলিছিল যদিও চৰকাৰে অতিৰিক্তভাৱে ৩১ মার্চলৈকে সময় বৃদ্ধি কৰিছিল। অর্থাৎ ৩১ মার্চলৈকেহে পট্টা প্রত্যাশীয়ে আবেদন কৰিব পাৰিব। সমগ্ৰ ৰাজ্যৰ ভূমি পট্টাৰ পৰা বঞ্চিত প্রায় ৪০ লাখ পৰিয়ালৰ ভিতৰত বসুন্ধৰাৰ জৰিয়তে আজিৰ তাৰিখলৈকে মুঠ ৫,৮৩,৮৫৭ গৰাকীয়েহে আবেদন কৰিবলৈ সক্ষম হৈছে।
