বিজনী ,২৭ ফেব্ৰুৱাৰী , চিৰাংপশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দিনহাটাত যোৱা ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিশীথ প্ৰামাণিকৰ কনভয়ৰ ওপৰত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে কৰা আক্ৰমণৰ ঘটনাক গৰিহণা দিলে কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা কেন্দ্ৰীয় চৰকাৰ আৰু KLO ৰ শান্তি আলোচনাৰ অন্যতম সদস্য বিশ্বজিৎ ৰায়ে ।সোমবাৰে চিৰাঙৰ বিজনীত সংবাদ মাধ্যমৰ জৰিয়তে উক্ত ঘটনাক গৰিহণা দিলে বিশ্বজিৎ ৰায়ে ।তাৰোপৰি কেন্দ্ৰীয় চৰকাৰ আৰু KLO ৰ মাজত অনুষ্ঠিতব্য বহু প্ৰত্যাশিত শান্তি আলোচনা সন্দৰ্ভত বিভিন্ন অসম আৰু পশ্চিমবংগৰ বিভিন্ন দল-সংগঠনৰ সৈতে মত বিনিময় কৰাৰ অৰ্থে অহা ৫ মাৰ্চত বঙাইগাঁওৰ জনতা ক্লাবত কোচ-ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত এখন অভিৱৰ্তনৰ আয়োজন কৰা হৈছে । এই কথাও জনালে বিশ্বজিৎ ৰায়ে ।
কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিশীথ প্ৰামাণিকৰ কনভয়ৰ ওপৰত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে কৰা আক্ৰমণ কৰাৰ ঘটনাক লৈ বিজনীত বিশ্বজিৎ ৰায়ৰ প্ৰতিক্ৰিয়া
