তিনিচুকীয়া ২৬ ফ্ৰেব্ৰুৱাৰীঃডিগবৈত নতুনকৈ দ্বায়িত্ব লোৱা অচি দিব্যজ্যোতি দত্ত ই নিশা চহৰখনৰ কালিবাৰীত থকা অন্যতম কুখ্যাত জুৱাৰ ঘাটি আধাৰাম যাদৱৰ ভাড়াঘৰত অভিযান চলাই নগদ ধন সহ ছয় জুৱাৰীক গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইটা – টিপাম ৰড’ ৰ বিষ্ণু জৈচী (৪০), অমিতাভ গগৈ( ৩২),সুৰেশ চৌধুৰী (৪১),কিশোৰ চৌধুৰী (৪৬) কালিবাৰীৰ মুকুল ভট্টাচাৰ্য্য(৫৬) আৰু মুলিয়াবাৰীৰ মনোজ কুমাৰ চৌধুৰী (৪৬)।অভিযানত নগদ ৩০ হাজাৰ ৩২০ টকাৰ লগতে দুখন স্কুটি জব্দ কৰে।উল্লেখ্য যে কালিবাৰীৰ এই ঘাটিটোত বছৰ বছৰ ধৰি মদ জুৱাৰ বেহা আৰক্ষীক মেনেজ কৰি চলি থকাৰ অভিযোগ আছিল।কিন্তু নতুনকৈ দ্বায়িত্ব লৈ অচি দিব্যজ্যোতি দত্তই ঘাটিটো উচ্ছেদ কৰাত সচেতন ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
ডিগবৈত নগদ ধন সহ ছয় জুৱাৰীক গ্ৰেপ্তাৰ
