Fearless Press

মিছ জাৰ্মানীৰ চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত ট্ৰেন্স মহিলা, প্ৰতিযোগিতা সলনি কৰক

ল’ৱাৰ চেক্সনৰ ১৯ ​​বছৰীয়া ট্ৰেন্স মহিলা ছাস্কিয়া ভন বাৰ্গেন এইবাৰৰ মিছ জাৰ্মানীৰ চূড়ান্ত প্ৰতিযোগী। ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাখনে আন এক কাহিনী সৃষ্টিৰ বাবে সাজু হৈছে।পৰৱৰ্তী মিছ জাৰ্মানী হ’বলৈ প্ৰায় ১৫ হাজাৰ মহিলাই আবেদন কৰিছিল মঙলবাৰে ঘোষণা কৰা হয় ১০ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ নাম, ইয়াৰে এজন হৈছে ছাস্কিয়া। এই ট্ৰেন্স মহিলাগৰাকীয়ে পিতৃ-মাতৃ আৰু তিনিগৰাকী সৰু ভনীয়েকৰ সৈতে লোয়াৰ চেক্সনৰ ফ্ৰেড্ৰিচফেন গাঁৱত থাকে।ভন বাৰ্গেনে পাঁচ বছৰ বয়সৰ পৰাই জানিছিল যে তাই এগৰাকী ছোৱালী। ছোৱালীৰ লগত খেলি ভাল পাইছিল আৰু ছোৱালীৰ দৰে সাজ-পোছাক পিন্ধি ভাল পাইছিল। তেওঁৰ ভাষাত, ‘মোৰ মা-দেউতাই বুজি পাইছিল, গতিকে তেওঁলোকে আৰম্ভণিৰে পৰাই সমৰ্থন কৰিছিল। অৱশ্যে স্কুলত ফিট হোৱাটো সদায় সহজ নাছিল।’ প্ৰশ্নৰ পৰা হাত সাৰিবলৈ ল’ৰাৰ কাপোৰ পিন্ধিছিল।১১ বছৰ বয়সত ভন বাৰ্গেনে যৌৱন বন্ধক ঔষধ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু দুবছৰৰ পিছত মহিলা হৰম’ন চিকিৎসা আৰম্ভ কৰে। স্কুলৰ লগত খাপ খুৱাই লোৱাটো তাৰ পিছত অলপ সহজ হৈ পৰিছিল। ভন বাৰ্গেন অলপ ডাঙৰ হ’লে তেওঁৰ লিংগৰ অস্ত্ৰোপচাৰ কৰা হয়। তেতিয়াৰ পৰাই তাইৰ নাম ছাস্কিয়া।ভাল চেহেৰা আৰু মডেলৰ দৰে খোজ কঢ়াৰ ক্ষমতা সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হোৱাৰ অন্যতম মাপকাঠী। কিন্তু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ আয়োজন কৰা সংস্থা মিছ জাৰ্মানী ষ্টুডিঅ’ই ইতিমধ্যে বিচাৰকৰ মাপকাঠীত আমূল পৰিৱৰ্তন সাধন কৰিছে।২০১৯ চনৰ পৰা প্ৰতিযোগীসকলে কেটৱকত বিকিনি পৰিধান নকৰে। উচ্চতা আৰু ওজনো এতিয়া গুৰুত্বপূৰ্ণ নহয়। আচলতে মিছ জাৰ্মানী ষ্টুডিঅ’ৰ জিল এণ্ডাৰ্টৰ মতে বাহ্যিক ৰূপৰ কোনো ভূমিকা নাই। মহিলাসকলে যথেষ্ট শক্তিশালী ব্যক্তিত্ব দেখুৱাব লাগে আৰু প্ৰেৰণাৰ উৎস হ’ব লাগে।ভন বাৰ্গেনৰ মতে মিছ জাৰ্মানী প্ৰতিযোগিতাখনেই হৈছে তেওঁৰ কাহিনী কোৱাৰ “নিখুঁত মঞ্চ” ফেশ্বন ষ্ট’ৰত প্ৰশিক্ষাৰ্থী হোৱাৰ পৰা আজি য’ত আছে, তাৰ কাহিনী কৈ তেওঁ সাধাৰণ মানুহক শিক্ষিত কৰিব বিচাৰে। ভনে জয়ী হ’লে লাভ কৰিব ২৫ হাজাৰ ইউৰোৰ পুৰস্কাৰ। শনিবাৰে দক্ষিণ-পশ্চিম জাৰ্মানীৰ ৰাষ্টৰ ইউৰোপা পাৰ্কত অনুষ্ঠিত হ’ব ফাইনেল।

Exit mobile version