গুৱাহাটী,৩ মাৰ্চঃ শ্ৰৱণৰ গুৰুত্ব সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ্যৰে প্ৰতি বছৰে ৩ মাৰ্চত সমগ্ৰ বিশ্বতে বিশ্ব শ্ৰৱণ দিৱসৰ আয়োজন কৰা হয়। এইবাৰো বিশ্ব শ্ৰৱণ দিৱস সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয়। গুৱাহাটীৰ স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পতালতো বিশ্ব শ্ৰৱণ দিৱস উপলক্ষ্যৰ বিনামূলীয়া কাণ পৰীক্ষা কাৰ্যসূচীৰ আয়োজন কৰা হয়। হাস্পতালখনৰ সঞ্চালক তথা বিশিষ্ট ই এন টি বিশেষজ্ঞ ডাঃ স্বাগতা খান্নাৰ নেতৃত্বত ই এন টি শল্য চিকিৎসকৰ এটা দলে ৰোগীসকলক এই বিনামূলীয়া পৰীক্ষা কৰে। চিকিৎসালয়খনত শ্ৰৱণ শক্তি আৰু শ্ৰৱণ সম্পৰ্কীয় ৰোগৰ যত্নৰ বাবে সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে প্ৰায় ৭০ জন ৰোগীক পৰীক্ষা কৰা হয়। এই সন্দৰ্ভত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডাঃ স্বাগতা খান্নাই কয় যে বিশ্ব শ্ৰৱণ দিৱস হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰতি বছৰে জনসাধাৰণৰ মাজত শ্ৰৱণহীনতা প্ৰতিৰোধৰ সজাগতা আৰু প্ৰতিৰোধৰ বাবে অনুষ্ঠিত কৰা এক অভিযান। ভাষণত তেওঁ শ্ৰৱণ শক্তি হ্ৰাস হোৱাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহ উল্লেখ কৰি কয় যে দীৰ্ঘম্যাদী কাণৰ সংক্ৰমণ, দীৰ্ঘসময় ধৰি হেড ফোনৰ ব্যৱহাৰ, উচ্চ স্বৰৰ শব্দ আদি কাৰণত শ্ৰৱণ শক্তি হ্ৰাস পায়। তেওঁ কয় যে দীঘলীয়া সময়ৰ বাবে ঔষধ ব্যৱহাৰ কৰা বা কোনো চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ৰোগীয়ে গ্ৰহণ কৰা ঔষধৰ বাবেও স্থায়ী কাণৰ সমস্যা হ’ব পাৰে। গৰ্ভৱতী মাতৃয়ে যিকোনো অপ্ৰয়োজনীয় ঔষধ আৰু বিকিৰণৰ সংস্পৰ্শলৈ অহা পৰিহাৰ কৰাৰ পৰামৰ্শ তেওঁ পৰামৰ্শ আগবঢ়ায়। তেওঁ শিশুৰ শ্ৰৱণহীনতা হ্ৰাসৰ বাবে সঠিক টিকাকৰণৰ ওপৰতো গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায়।
গুৱাহাটীৰ স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পতালত বিশ্ব শ্ৰৱণ দিৱস পালন
