Fearless Press

উত্তৰ গুৱাহাটীৰ নুমলী জলাহত উচ্ছেদ অভিযান কামৰূপ প্ৰশাসনৰ

কামৰূপ, ৪মাৰ্চঃৰাজ্যৰ চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত চলিছে উচ্ছেদ অভিযান । নুমলী জলাহত উচ্ছেদ অভিযান কামৰূপ জিলা প্ৰশাসনৰ । উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ শিলা সিন্দুৰীঘোপা মৌজাৰ নুমলী জালাহৰ ২১০ দাগৰ চৰকাৰী ভূমিত উচ্ছেদ অভিযান প্ৰশাসনৰ । আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত জেচিবিৰে ভাঙিলে দুই এক অবৈধ ভাবে সজা ঘৰ । ইয়াৰ বিপৰীতে প্ৰাকৃতিক জলাশয়ত এটাৰ পিছত এটা ঘৰ সাজি বেদখল চলোৱা বেদখলকাৰীৰ ক্ষেত্ৰত কিন্তু নৰম স্থিতি প্ৰশাসনৰ । উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াই তিনিটা গৃহত এক্সাভেটৰ লগোৱাৰ বিপৰীতে কিন্তু বহু গৃহত নলগালে এক্সাভেটৰৰ হাতোৰা । ইফালে উচ্ছেদিত পৰিয়ালৰ অভিযোগ ,এইয়া কোনো চৰকাৰী ভূমি নহয় ।

Exit mobile version