Fearless Press

ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ পুনৰ অৱনতি , দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি

নতুন দিল্লী ৩ মাৰ্চঃ  কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জ্বৰৰ অভিযোগত বৃহস্পতিবাৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছাৰ গংগা ৰাম হাস্পতালে জাৰি কৰা বুলেটিন অনুসৰি ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধী বুকুৰ চিকিৎসা বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ অৰূপ বসু আৰু তেওঁৰ দলৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। ২ মাৰ্চত তেওঁক জ্বৰৰ বাবে ভৰ্তি কৰোৱা হৈছিল। অনবৰতে চিকিৎসকৰ তত্বাৱধানত তেওঁৰ তদন্ত চলি আছে। তেওঁৰ অৱস্থা সুস্থিৰ।ছোনিয়া দুবাৰকৈ কৰ’নাত আক্ৰান্ত হৈছে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জানুৱাৰী মাহত ছোনিয়া গান্ধীক নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰা হৈছিল। কিয়নো ছোনিয়া গান্ধীৰো দুবাৰকৈ কৰোনা হৈছিল। যোৱা কেইবছৰমানৰ পৰা স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আহিছে তেওঁ।একে সময়তে এইকেইদিন বিদেশ ভ্ৰমণত আছে ৰাহুল গান্ধী। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ তেওঁ লণ্ডনত আছে। এই কাৰ্যসূচীত তেওঁ কেন্দ্ৰত মোডী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। ইয়াৰ বাবে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে বিজেপি নেতাসকলে। ৰাহুল গান্ধীয়ে ভাষণত কয় যে ভাৰতীয় গণতন্ত্ৰ বিপদত পৰিছে।

Exit mobile version