জুৰীয়া, ৪ মাৰ্চঃদলবদ্ধভাৱে আক্ৰমণ কৰে ৰিংকু আহমেদ নামৰ যুৱকজনক।ৰূপহীৰ পৰা ঘৰলৈ গৈ থকা সময়ত গুনাবাড়িত পথ আগুছি ধৰি পাঁচ ছজনীয়া এটি দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ।জাকিৰ হুছেইন, জহিৰুল ইছলাম ,বাহাৰুল ইছলাম, ৰাহুল ,মকিবুৰ আৰু তেওঁলোকৰ সহযোগিয়ে মিলি আক্ৰমণ কৰাৰ অভিযোগ।ৰডে’ৰে প্ৰচণ্ড জোৰেৰে মূৰত আক্ৰমণ কৰাত গুৰুতৰ বাবে আহত হয় ৰিংকু আহমেদ নামৰ যুৱকজন।অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে আঘাতপ্ৰাপ্ত ৰিংকু আহমেদক।জহিৰুল ইছলাম ,বাহাৰুল ইছলাম, ৰাহুল এই কেইজন পুৰ্বৰ পৰাই বহু অপৰাধ জনিত কাৰ্যৰ লগত জৰিত থকাৰ অভিযোগত কেইবাবাৰো জেল হাজতলৈ যাব লগা হৈছিল বুলি জানিব পৰা গৈছে।
ৰূপহীহাটত ভয়ংকৰ মাৰপিটৰ ঘটনা
