গুৱাহাটী,৫ মাৰ্চঃ ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব বিশেষ টেট। অৱশ্যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ এই বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ’ব ৰাজ্যৰ ছয়খন জিলাত। স্বায়ত্ত-শাসিত এলেকাত হ’বলগীয়া এই টেট পৰীক্ষা ৩০ এপ্ৰিলত অনুষ্ঠিত হ’ব। দেওবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থ সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। শিক্ষামন্ত্রীগৰাকীয়ে কয় যে ষষ্ঠ অনুসূচিৰ এলেকাত হ’বলগীয়া টেট পৰীক্ষাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কৰ্তৃত্ব স্থানীয় পৰিষদখনৰ। বিশেষ টেট পৰীক্ষা কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আজিৰে পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদনৰ শেষ সময়সীমা ৩০ মাৰ্চ। পৰীক্ষাৰ বাবে ১৫ এপ্ৰিলত অনলাইন যোগে এডমিট কাৰ্ড প্ৰদান কৰা হ’ব আৰু পৰীক্ষা হ’ব ৩০ এপ্ৰিলত।
