Fearless Press

নাগালেণ্ডত বিজেপিৰ বিধায়িনী দলৰ সভাত ৰাষ্ট্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে মন্ত্ৰী ৰনজিত কুমাৰ দাস

বৰপেটা,৭ মাৰ্চঃ নাগালেণ্ডত অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ সভাত অসমৰ কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাসে ৰাষ্ট্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা বিজেপিৰ নাগালেণ্ডৰ প্ৰভাৰী নালীন কোহলীৰ সৈতে অংশ গ্ৰহণ কৰে। সভাত দলপতি হিচাপে য়ানথুংগো পাট্টনক নিৰ্বাচিত কৰা হয়। তেওঁক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা অসামৰিক যোগান বিভাগ মন্ত্ৰী ৰনজিত কুমাৰ দাসে আন্তৰিক শুভেচ্ছা জনাই। দলটোৰ দলপতি নিৰ্ধাৰণ হোৱাৰ পিছতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিয়োক সাক্ষাৎ কৰি বিজেপিৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী ৰনজিত কুমাৰ দাসে। উক্ত সভাৰ অন্তত দুয়োটা দলৰ বিধায়কসকলৰ সৈতে কেবিনেট মন্ত্ৰী দাসে মত-বিনিময় কৰে।

Exit mobile version