ধেমাজি,৯ মাৰ্চঃ ধেমাজি জিলাখনত দিনক দিনে ডাম্পাৰ চালকৰ অতপালি বৃদ্ধি পাবলৈ ধৰিছে। এই অভিযোগ নতুন নহয় যদিও এই ক্ষেত্ৰত কিন্তু জিলা পৰিবহণ বিভাগে কোনো গুৰুত্ব দিয়া নাই। তাৰেই পৰিণাম স্বৰূপে আজি ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত অকাজানত প্ৰায় ১০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ডাম্পাৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত থিতাতে নিহত হয় দুই স্কুটি আৰোহী। ডাম্পৰ খনৰ নাম্বাৰ AS-22 C/8429 আৰু স্কুটিখনৰ AS-06 AE/1863 নম্বৰ বুলি দেখা পোৱা গৈছে । জানিব পৰা অনুসৰি পুৱা প্ৰায় ১০ বজাত জিলা খনৰ লিকাবালিৰস্থিত কুৱেৰীৰ পৰা ডিব্ৰুগড়মুখে গৈ আছিল ডাম্পাখন। উক্ত সময়তে বিপৰীত দিশৰ পৰা আহি থকা স্কুটিখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্কুটিৰ দুই আৰোহী বিকি ৰেগন (৩০) আৰু নৱ ৰেগনৰ ( ৩২)। দুয়োজনৰে ঘৰ চিলাপথাৰৰ কুলাজানত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষ পিছতে প্ৰায় ডেৰশ মিটাৰ পথ স্কুটিখন লৈ যায় ডাম্পাৰ খনে। সম্প্ৰতি চিলাপথাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
ধেমাজিত ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে নিহত দুই স্কুটি আৰোহী
