নিউজ ডেক্স,১০ মাৰ্চঃ চীনৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ শক্তিশালী আৰু বিখ্যাত নেতা চেয়াৰমেন মাওৰ পাছতেই আন এক নেতাৰ অভ্যূত্থান গুৰুত্বপূৰ্ণ হৈ পৰিল চীনৰ সামাজিক-ৰাজনৈতিক জীৱনত। সাধাৰণ সেনাৰ পৰা আৰম্ভ কৰি এতিয়া বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিৰূপে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হ’ল। এই অভ্যূত্থানে যে ভৱিষ্যতলৈ আজীৱন ৰাষ্ট্ৰপতি হোৱাৰ দিশে নেতাগৰাকী আগবাঢ়িছে সেই কথা মুকলিকৈ প্ৰতিপন্ন কৰিছে। কেৱল এয়াই নহয় চেয়াৰমেন মাওৰ খ্যাতিও এতিয়া সংকটত। এইগৰাকী নেতা হৈছে চাইনীজ কমিউনিষ্ট পাৰ্টীৰ শ্বি জিনপিং । ১০ মাৰ্চত তৃতীয়বাৰৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ’ল নেতাগৰাকী । ৬৯ বছৰীয়া নেতা গৰাকী এতিয়া আজীৱন চীনৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰাৰ দিশে অগ্ৰসৰ হৈছে। ছাত্ৰ জীৱনৰ পাছত খেতিয়ক ৰূপে আাৰম্ভ কৰিছিল কৰ্মজীৱন। তাৰ পাছত সেনাত নামভৰ্তি আৰু পদন্নোতিৰ জৰিয়তে সেনাৰ শীৰ্ষ বিষয়া আৰু সৰ্বশেষত ৰাজনীতিত প্ৰৱেশ । এই অভ্যূত্থানৰ সৈতে পৰিচিত বিশ্ব । পূৰ্বেও বহু বিখ্যাত, কুখ্যাত নেতাৰ উত্থানৰ কাহিনী এইয়া। কিন্তু শ্বি জিনপিঙৰ এই দুটা কাৰ্যকালৰ পাছত তৃতীয়বাৰলৈ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱা ঘটনাই কিমান দূৰ প্ৰভাৱ পেলাব বিশ্বত। কিছুদিন পূৰ্বেই চীনৰ নতুন সেনা বাজেটত বৃদ্ধি কৰা হৈছে ব্যয়ৰ পৰিমাণ ৭ শতাংশলৈ । টাইৱান সন্দৰ্ভত সঘনাই উদ্বেগ প্ৰকাশ চীনৰ, ভাৰতত সঘনাই আগ্ৰাসন । এইবোৰেই পুনৰ সংঘটিত হ’ব নেকি শ্বি জিনপিঙৰ তৃতীয়টো কাৰ্যকালত । ইতিমধ্যেই দেশখনত “একদেশ, এক দল” নীতি প্ৰায় আৰম্ভ হৈছে। তেনেস্থলত এই নতুন কাৰ্যকালে যে বিশ্ব ৰাজনীতিত এক পৰিৱৰ্তন আনিব সেইয়া ধূৰুপ । কিন্তু সমস্যা হ’ল এই পৰিৱৰ্তন ভাল নে বেয়াৰ দিশে সেইয়াহে হ’ব লক্ষণীয় ।
শ্বি জিনপিং : সেনাৰ পৰা ৰাষ্ট্ৰপতিলৈ
