উত্তৰ গুৱাহাটী, ১০ মাৰ্চঃউত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰৰ পাঁচ দিনীয়া দৌল উৎসৱৰ আজি সামৰণি পৰ্ব । এফালে আনন্দ আনফালে বিষাদ প্ৰভুৰ ভক্তসকলৰ । পাঁচ দিনেই প্ৰভুৰ সতে ফাকু খেলি আনন্দত বিলীন ভক্তই আজিৰে পৰা এবছৰলৈ আৰু এই ফাকুৰ আনন্দ নাপাব । প্ৰবাদ অনুসৰি আজি দৌল গোবিন্দই মন্দিৰৰ পৰা গুৰু গৃহলৈ সদলবলে যাব । দিহিং সত্ৰৰ গুৰু গোলোক নাথৰ ঘৰত আতিথ্য লৈ নিজ গৃহ ৰজা দুৱাৰলৈ প্ৰত্যাবৰ্তন কৰিব । ধৰ্মীয় লোকগাঠা অনুসৰি দৌল গোবিন্দ কৃষ্ণ গোঁসাই আজি আবেলি সদলবলে ঘুনুচা বাৰীলৈ যাব । দিহিং সত্ৰত ঘুনুচাক বিয়া কৰায় প্ৰত্যাবৰ্তন আৰু বাট আগচি পুভুক দণ্ড কৰাই গৃহত প্ৰবেশ কৰে । ধৰ্মীয় বিশ্বাস যিয়েই নহঁওক দৌল গোবিন্দত আজি উৎসৱৰ মহা আয়োজন । বেনপাৰ্টি ধুলীয়াৰ সুমধুৰ সুৰৰ তালে তালে নাচোনৰ লহৰ উঠিল । ফটকা ফুটাই প্ৰভুক জনাইছে আকুল কাকূতি । প্ৰভুৰ বিদায় বেলা কোনোৱে হাঁহিছে , কোনোৱে কান্দিছে । প্ৰভুৰ সান্নিধ্যই দিয়া আনন্দত অন্তৰ উজাৰি নাচিছে ভক্তবৃন্দই।
উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ সামৰণি
