Fearless Press

ৰঙিয়াত মীন বিভাগৰ প্ৰায় ৭৫ লাখ টকীয়া প্ৰকল্প ধোঁৱাচাঙত

ৰঙিয়া, ১০ মাৰ্চঃচৰকাৰী ধন অপ-ব্যৱহাৰৰ অন্য এক উদাহৰণে ৰঙিয়াত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।
নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ উদ্দেশ্যৰে প্ৰায় ৭৫ লাখ টকা ব্যয় সাপেক্ষে ৰঙিয়া মীন বিভাগৰ কাৰ্যলয়ত নিৰ্মাণ কৰিছিল এই বৃহৎ প্ৰকল্পটি।দুবছৰ পূৰ্বে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত উদ্বোধন হৈছিল এই প্ৰকল্পৰ।প্ৰকল্প নিৰ্মাণ হৈয়ে ৰ’ল কিন্তু আজিকোপতি কাৰ্যতঃ এই প্ৰকল্পৰ দ্বাৰা ৰঙিয়াবাসী উপকৃতহে নহ’ল!এই প্ৰকল্পৰ জৰিয়তে বৈদেশিক মীন পালন কৰাৰ ওপৰিও থলুৱা মাছৰ পোৱালী উৎপাদন কৰাৰ সপোন দেখুৱাইছিল ৰঙিয়াৰ ৰাইজক।কলিকতা, হাউলী, বৰপেটাৰ বজাৰত নোযোৱাকৈ ৰঙিয়াত বিভিন্ন জাতৰ মাছৰ পোৱালী উপলদ্ধ হ’ব বুলি সপোন দেখুৱাই এইদৰে অপ-ব্যৱহাৰ কৰিলে চৰকাৰী ধন।বাতৰি সম্প্ৰচাৰৰ পিছত কি ব্যাৱস্থা গ্ৰহণ কৰিব বিভাগীয় কতৃপক্ষই সেয়া হ’ব সময়তহে লক্ষ্যণীয়।

Exit mobile version