বিজনী,১১মাৰ্চঃ সৰভোগ সমষ্টিৰ ৪৬নং নিচুকা পঞ্চায়তৰ চেঙেলীয়া গাঁৱত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ক্ষেত্রত একাংশ কৰ্মীৰ বিৰুদ্ধে টকা নিদিলে ঘৰ কাটি দিয়াৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি চৰকাৰী ঘৰৰ তালিকাত নাম থকাৰ পিছতো একাংশ লোকে লাভ কৰা নাই ঘৰ। অভিযোগ অনুসৰি ৱাৰ্ড সদস্যাই বিচাৰিছে তিনি হেজাৰ টকা। দুখীয়া মানুহে টকা দিব পৰা নাই যাৰ বাবে তেওঁলোকৰ ঘৰৰ যাৱতীয় ব্যাৱস্থাও কৰি দিয়া নাই। যাৰ বাবে অঞ্চলৰ ৰাইজে উলাই আহি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে। ভোক্তভোগী পৰিয়ালবোৰৰ অভিযোগ মতে গাঁৱৰ বহু ধনী পৰিয়ালে লাভ কৰিছে চৰকাৰী ঘৰ। কিন্তু দুখীয়া পৰিয়ালে লাভ কৰা নাই ঘৰ। টকা দিব নোৱাৰা বাবে ঘৰ কাটি দিয়া বুলি অভিযোগ তুলি সংবাদ মাধ্যমৰ জৰিয়তে উৰ্ধতম পক্ষৰ সহায় বিছাৰিছে ভোক্তভোগী ৰাইজে।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন লোৱাৰ অভিযোগ
