Fearless Press

বিধানসভা চৌহদত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী,১৫ মাৰ্চঃ বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে চতুৰ্থ দিনা কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিধানসভা চৌহদ। মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগকলৈ কংগ্ৰেছে বিধানসভা চৌহদত অসম চৰকাৰ হায় হায়, শিক্ষামন্ত্রীয়ে পদত্যাগ কৰক আদি শ্ল’গানেৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। উত্তাল কৰি তোলে বিধানসভা চৌহদ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰশ্নকাকত ফাদিলৰ উচিত তদন্ত দাবী কৰে। বিৰোধী দলপতি শইকীয়াই কয় যে ঘটনাৰ তদন্ত চি আই ডিয়ে ভালদৰে কৰক। আমি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ যোগেদি তদন্ত কৰাৰ দাবী জনাইছিলো। এই ঘটনাত জড়িতসকলক শাস্তি দিয়াৰ দাবী জনাই তেওঁ কয় যে প্ৰশ্ন কাকত ফাদিল হোৱাৰ ক্ষেত্রত চৰক‍াৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া বিধানসভাত স্পষ্টভাৱে জনাব লাগে। বহু শিক্ষাৰ্থীয়ে ভয় খাই আছে যে প্ৰশ্নকাকত ক্ৰয় কৰি বহুতে ষ্টেন কৰিব গৈ আছে। উল্লেখ যে ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা গণিতৰো প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে। যাক লৈ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াৰ উচিত তদন্ত দাবী কৰিছে। আনহাতে বিধায়ক ৰকিবুল হুছেইনে কয় যে গণিতৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো গাপ দিয়া হৈছে। এই বিষয়ত তদন্ত হ’ব লাগে। ছেবাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্রত তেওঁ তদন্ত দাবী কৰে।

 

Exit mobile version