Fearless Press

বিজেপি চকাৰৰ দিনত কিমান বৃদ্ধি পালে সুৰাৰ দোকান আৰু বাৰ

গুৱাহাটী,১৫ মাৰ্চঃ অসমত বৰ্ত্তমান ১৭০৮ খন বিলাতী সুৰাৰ বিপনী আৰু ৮৬৩ খন বাৰ আছে। আনহাতে ২০১৬ চনলৈ ৰাজ্যখনত বিলাতী সুৰাৰ বিপনী আৰু বাৰ আছিল ক্ৰমে ১১১৬খন আৰু ৪৭৩ খন। অৰ্থাৎ ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ২০১৬ চনৰ পৰা এতিয়ালৈকে নতুনকৈ ৫৯২ খন বিলাতী সুৰাৰ বিপনী আৰু ৩৯০ খন বাৰ হৈছে। ২০২২ চনত ১৪ খন মদৰ দোকানৰ অনুজ্ঞা পত্র প্ৰদান কৰা হয়। অৱশ্যে বিজেপি চৰকাৰৰ দিনত ৪০৮ খন বাৰক মদৰ দোকানলৈ পৰিৱৰ্তিত কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত মদৰ দোকানৰ সংখ্যা বৃদ্ধি পাইছে। এই তথ্য আবকাৰী বিভাগৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা ‘দেশীয় সুৰাৰ দোকান আৰু বাৰ সম্পর্কে’ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰা তৰাবিহীন প্রশ্নৰ উত্তৰত এই তথ্য দাখিল কৰে আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। আনহাতে চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে মদৰ দোকান আৰু বাৰ খোলাৰ অনুমতি দিয়ে নেকি বুলি উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে অসম চৰকাৰে কেৱল ৰাজহ সংগ্ৰহৰ স্বাৰ্থত মদৰ দোকান, বাৰ আদিৰ অনুজ্ঞাপত্ৰ প্ৰদান নকৰে। জিলা উপায়ুক্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি তথা ক্ৰমবৰ্ধমান নগৰীকৰণ, পৰ্যটন ক্ষেত্ৰত বিকাশ, জনসংখ্যা বৃদ্ধি আদিৰ প্ৰতি লক্ষ্য ৰাখি নতুন অনুজ্ঞাপত্ৰ বিষয়ে বিবেচনা কৰে। সেইদৰে আবকাৰী কৰ সংগ্ৰহৰ প্ৰসংগত মন্ত্রীগৰাকীয়ে জনাই যে ২০১৮-১৯ বৰ্ষত ২২০৪.১৫ কোটি টকা, ২০১৯-২০ বৰ্ষত ২৬০৬.৬৮ কোটি টকা, ২০২০-২১ বৰ্ষত ২৯৭৭.৬১ কোটি টকা, ২০২১-২২ বৰ্ষত ৩০৪৮.৯৮ কোটি টকা আৰু ২০২২ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰীলৈকে ৩৫৪৮.৩১ কোটি টকা আবকাৰী কৰ সংগ্ৰহ কৰা হৈছে। আনহাতে বিগত ৫ বছৰত আবকাৰী বিভাগে আবকাৰী আইন উলংঘা কৰাৰ বাবে মুঠ ১১৮০৩১০৪.৯০ টকা জৰিমনা সংগ্ৰহ কৰিছে।

 

Exit mobile version