গুৱাহাটী,১৯ মাৰ্চঃ কিছুদিন ধৰি উত্তাল হৈ আছে পাঞ্জাৱ। যাৰ বাবে ৰাজ্যখনত কৰ্তন কৰা হৈছে এছ এম এছ সেৱাৰ লগতে ইন্টাৰনেট সেৱা। প্ৰতিবাদকাৰী তথা খালিস্তানীসকলৰ সংযোগ স্থাপনৰ কৰিব নোৱাৰে সেইবাবেই এই সিদ্ধান্ত লৈছে। ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ নেতা অমৃত পালক ১৮ মাৰ্চত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰিছিল। পাঞ্জাৱ আৰক্ষীয়ে শেহতীয়াকৈ এই খবৰ ভুৱা বুলি জনাইছে। অমৃত পালৰ বিপৰীতে নেতাগৰাকীৰ সহযোগী এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। খালিস্তানি নেতাজন বৰ্তমানেও পলাতক যদিও পঞ্জাৱ আৰক্ষীয়ে ৭৮ জন সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে ৪ জন ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ সদস্যক পঞ্জাৱ আৰক্ষীয়ে অসমৰ ডিব্ৰুগড়লৈ স্থানান্তৰ কৰিছে। উল্লেখযোগ্য যে অমৃতপাল সিং আৰু তেওঁৰ সমৰ্থকসকলে তৰোৱাল আৰু বন্দুক লৈ এখন আৰক্ষী চকীত প্ৰৱেশ কৰি এজন সহযোগীক থানাৰ পৰা মুকলি কৰি লৈ গৈছিল। এই ঘটনাৰ পিছৰে পৰা পলায়ম কৰি আছে ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ নেতা অমৃত পাল।
পাঞ্জাৱৰ চাৰি খালিস্থানী নেতাক অসমৰ ডিব্ৰুগড়লৈ প্ৰেৰণ
