Fearless Press

অসমৰ বাবে সুখবৰঃ স্বৰ্ণ পদকেৰে এভাৰেষ্টত লাভলীনা

গুৱাহাটী ,২৭ মাৰ্চঃ অসমৰ অৱশেষত ভাল খবৰটো আহি গ’ল । ক্ৰীড়া প্ৰেমীৰ অপেক্ষাৰ অন্ততঃ স্বৰ্ণ পদক অৰ্জন কৰি লাভলীনা বৰগোহাঁইয়ে দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ এভাৰেষ্ট আৰোহণ কৰিলে । ৭৫ কেজি শাখাত তেওঁ অষ্ট্ৰেলিয়াৰ পাৰ্কাৰ কাইটলীন এনিক ধৰাশায়ী কৰি দেশৰ নাম উজ্বলাবলৈ সক্ষম হয় । বিশ্ব চেম্পিয়নশ্বিপত দুবাৰ, টকিঅ’ অলিম্পিকতো ছেমি ফাইনেলতে সমাপ্ত । সুদীৰ্ঘ কাল ধৰি ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিও মানসিকভাবে বিষাদগ্ৰস্ত হোৱা নাছিল গোলাঘাট জিলাৰ বৰপথাৰৰ এই গৰাকী অসম কন্যাই । এইবাৰ ৰক্ষা নাই স্বৰ্ণৰ বাবেহে ৰিংত নামিব। এই পণ লৈ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত এটাৰ পিছত আনটো সফলতা অৰ্জন কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। তাৰ বাবে অসমবাসী, দেশবাসীয়ে সপোন দেখি থকা কামটো খন্তেক পূৰ্বে কৰি চমক সৃষ্টি কৰে । এই খবৰে উল্লাসিত হৈ পৰিছে সমগ্ৰ দেশবাসী । এছিয়ান গেমছত যোগ্যতা নিৰ্ণয় কৰা লাভলীনাক লৈ সকলোৱে গৌৰৱ বোথ কৰিছে । আৰু আগুৱাই যাওক লাভলীনা। এছিয়ান গেমছত এনে সাফল্য কামনা কৰিছে । তাৰ পিছত লক্ষ্য হ’ব অলিম্পিক । আহাতে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ৫০ কেজি শাখাত আনটো পদক আহে নীখাত জাৰিণৰ জড়িয়তে । নীখাতে আজি ৫০ কেজিত ভিয়েটনামৰ প্ৰতিদ্বন্দ্বীক ৫-০ পইন্টত ধৰাশায়ী কৰি স্বৰ্ণ পদক অৰ্জন কৰে । এই গৌৰৱ পূৰ্ণ খবৰে দেশৰ ক্ৰীড়া প্ৰেমীৰ মাজত আনন্দৰ বন্যাৰ সৃষ্টি হৈছে । সেয়ে সকলোৱে নিখাত আৰু লাভলীনালৈ অশেষ অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে ।

Exit mobile version