গুৱাহাটী,৩০ মাৰ্চঃ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা আজি অনুষ্ঠিত হৈছে। জীৱনৰ প্ৰথমটো অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত স্বাভাৱিকতে মানসিক চাপৰ সন্মূখীন হৈছিল পৰীক্ষাৰ্থীসকল। প্ৰশ্নকাকত বাতিল হোৱাৰ পাছত বাতিল কৰা বিজ্ঞানৰ পৰীক্ষাৰ দিন আজি ধাৰ্য কৰা হৈছিল। সেই অনুসৰি আজি পৰীক্ষাত বহিল পৰিক্ষাৰ্থীসকল। উল্লেখ যে ১৩ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে আগদিনা নিশা ছেবাই পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। লগে লগে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আনকি বহু শিক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ আহিহে গম পায় পৰীক্ষা বাতিল হোৱাৰ কথা। ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতে ছেবাই নতুন দিন ধাৰ্য কৰি আজি পৰীক্ষা অনুষ্ঠিত কৰে। উল্লেখ্য যে বিজ্ঞানৰ উপৰি অসমীয়া বিষয়ৰো প্ৰশ্নকাকত ফাদিল হৈছিল। যাৰবাবে অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল কৰা হয়। বাতিল হোৱা অসমীয়া বিষয়ৰ পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব। প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হৈছিল মাতৃভাষা বিষয়ক সকলো পৰীক্ষা। ১৮ মাৰ্চত আছিল এই বিষয়ৰ পৰীক্ষা। ১ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠি হ’ব অসমীয়া তথা আন মাতৃভাষা বিষয়ক পৰীক্ষা।
সুকলমে অনুষ্ঠিত হ’ল বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা
