Fearless Press

পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চার্জ

গুৱাহাটী,৩১ মাৰ্চঃ বিভিন্ন পক্ষৰ শুনানি গ্ৰহণৰ পাছত অৱশেষত ২০২৩-২৪ বৰ্ষৰ বাবে বিদ্যুৎ মাচুলৰ নিৰিখ ধাৰ্য কৰিলে অসম বিদ্যুৎ নিয়ামক আয়োগে। পহিলা এপ্ৰিলৰ
পৰা কাৰ্যকৰী হোৱাকৈ অসম বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ নতুন মাচুল নিৰ্ধাৰণ কৰিছে। লক্ষণীয় বিষয় যে নিয়ামক আয়োগে বিদ্যুৎ মাচুল বৃদ্ধিৰ শক্তি বিভাগৰ প্ৰস্তাৱক নস্যাৎ কৰিলেও বিদ্যুৎ গ্ৰাহকৰ ফিক্সড চার্জ প্রতি মাহে প্রতি কে ডব্লিউ/কে ভিত ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাইছে। অর্থাৎ সাধাৰণ বিদ্যুৎ গ্রাহকে পূৰ্বতে ফিক্সড চাৰ্জৰ বাবদ অতি কমেও ১২০ টকা পৰিশোধ কৰি আহিছিল যদিও এতিয়াৰে পৰা প্ৰতি কে ডব্লিউ/কে ভিত ১০ টকাকৈ প্ৰায় ৪০ টকা অতিৰিক্ত মাচুল আদায় দিব লাগিব। অৱশ্যে আয়োগে আন এটা দিশত গ্ৰাহকক কিছু সকাহ প্ৰদান কৰিছে। বিদ্যুৎ নিয়ামক আয়োগে ২০২৩-২৪ বৰ্ষৰ বাবে সকলো ধৰণৰ এনাৰ্জী চার্জ প্রতি ইউনিটত ১০ পইচাৰ পৰা ২০ পইচা পর্যন্ত হ্ৰাস কৰিছে। অসম বিদ্যুৎ নিয়ামক আয়োগে জাৰি কৰা জাননীৰ জৰিয়তে এ পি জি চি এল, এ ই জি চি এল, এছ এল ডি চি তথা এ পি ডি চি এলৰ বিদ্যুৎ নিৰিখ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰিছে। আয়োগে এ পি জি চি এল, এ ই জি চি এল, এছ এল ডি চি তথা এ পি ডি চি এলৰ ২০২২-২০২৩ বৰ্ষৰ বাৰ্ষিক কর্মক্ষমতা পর্যালোচনাৰ ভিত্তিত বিদ্যুতৰ নিৰিখ নতুনকৈ নিৰ্ধাৰণ কৰি কিছু সংশোধন আনিছে। এ পি ডি চি এলে ফিক্সড চার্জ প্রতিমাহে প্রতি কে ডব্লিউ/কে ভিত ১৫ টকাৰ পৰা ৭৫ টকা পর্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। কোম্পানীটোৰে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকসকলৰ বাবে বর্তমান প্রযোজ্য হৈ থকা এফ পি পি পি এ চার্জকে ধৰি এনাৰ্জী চার্জ প্রতি ইউনিটত ১টকাৰ পৰা ৩ টকা পর্যন্ত বঢ়োৱাৰো প্ৰস্তাৱ দিছিল। আবেদনকাৰী সংস্থাকেইটাৰ প্ৰস্তাৱসমূহ অংশীদাৰ তথা সহাঁৰি দিওঁতাসকলৰ ওজৰ-আপত্তি, পৰামৰ্শসমূহ আৰু অন্যান্য সংলিষ্ট দিশৰ পর্যালোচনাৰ ভিত্তিত নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱ অগ্রাহ্য কৰি তাৰ পৰিৱতে নিয়ামক আয়োগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ বৰ্ষৰ বাবে নিৰিখ প্রায় ১.২ শতাংশ হ্রাস কৰাতহে অনুমোদন জনায়। নিয়ামক আয়োগে সকলো শ্ৰেণীৰ এনাৰ্জী চার্জ প্রতি ইউনিটত ১০পইচাৰ পৰা ২০ পইচা পৰ্যন্ত হ্ৰাস কৰিছে। কিন্তু নিৰিখ যুক্তিকৰণৰ তথা সামগ্রিক ৰাজহ সংগ্ৰহৰ স্বাৰ্থত আয়োগে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে ফিক্সড চার্জ প্রতি মাহে প্রতি কে ডব্লিউ/কে ভিত ১০টকাকৈ বৃদ্ধি কৰাত
অনুমোদন জনাইছে। তদুপৰি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কাৰণে গড় যোগানৰ মূল্য প্রতি ইউনিটত ৮.০২ টকা কৰিছে। এই মূল্য এ পি ডি চি এলে প্রতি ইউনিটত ৯.৫২ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। ২০২২-২৩ বিত্তীয় বৰ্ষৰ গড় যোগানৰ মূল্য প্রতি ইউনিটত আছিল ৮.১৪ টকা। নিৰিখ চূড়ান্ত কৰাৰ ক্ষেত্ৰত নিয়ামক আয়োগে প্রাকৃতিক গেছৰ মূল্য প্ৰতি এম এম বি টি ইউত ২.৯০ আমেৰিকান ডলাৰ হিচাপে গণ্য কৰিছে। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ গেছৰ মূল্য হ্রাস হোৱা আৰু বিগত তিনি মাহৰ প্ৰাকৃতিক গেছৰ মূল্য গড়ে প্রতি এম এম বি টি ইউত ২.৯১ আমেৰিকান ডলাৰ হৈ থকাটোও হিচাপত অন্তৰ্ভুক্ত হৈছে।
নিয়ামক আয়োগে প্রজ্বালকৰ শেহতীয়া মূল্যৰ ভিত্তিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কাৰণে সামগ্ৰীক উৎপাদন নিৰিখ প্রতি কে ডব্লিউ এইচত ৩.৫৮ টকা হিচাপত অনুমোদন জনাইছে। আনহাতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কাৰণে ট্ৰেন্সমিচন নিখিখ প্ৰতি কে ডব্লিউ এইচত ০.৫৭ টকাকৈ আৰু এছ এল ডি চি নিৰিখ প্রতি দিনে প্রতি মেগাৱাটত ১০৬.৮৪ টকাকৈ অনুমোদন জনাইছে।

Exit mobile version