হাটশিঙীমাৰী, ৩১ মাৰ্চঃদক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত হাজিৰহাট গাওঁ পঞ্চায়ত এলেকাৰ কদমতলি, আমতলী আৰু বোৱালীয়া দ্বিতীয় খণ্ড গাওঁৰ প্ৰায় দুশ টা পৰিয়ালে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে। উক্ত অঞ্চলৰ ৰাইজৰ দাবীত দীৰ্ঘ দিনৰ অন্তত দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন মিচন আচঁনিৰ এখন কামৰ আবণ্টন দিয়ে আৰু উক্ত কামৰ বাবে কমিটি গঠন হোৱাৰ লগতে কাম আৰম্ভ হোৱাৰ সকলো যো-জা চলিছিল যদিও অবশেষত উক্ত কাম ৰহস্যজনক ভাৱে খোপাতী দ্বিতীয় খণ্ডত আৰম্ভ হয়। ইয়াৰ ফলত উক্ত অঞ্চলৰ প্ৰায় দুশটা পৰিয়ালে চিন্তিত হৈ পৰিছে। কিয়নো বিভাগটোয়ে উক্ত অঞ্চলৰ ৰাইজৰ সুবিদাৰ্থে জল জীৱন মিচনৰ কামটো বোৱালীয়া দ্বিতীয় খণ্ড গাওঁত নিৰ্মাণ কৰিব দিছিল কিন্তু পঞ্চায়ত খনৰ প্ৰতিনিধি আৰু দুই তিনিজন লোকে ৰহস্যজনক ভাবে নিজা সাৰ্থ সিদ্ধিৰ বাবে পঞ্চায়ত খনৰ খোপাতীয়া দ্বিতীয় খণ্ড গাওঁত কামটো আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছে গাওঁবাসী ৰাইজে৷ এই সন্দৰ্ভত জিলা উপায়ুক্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাই যাতে উক্ত অঞ্চলত জল জীৱন মিচনৰ যোগেদি নতুনকৈ আঁচনি প্ৰস্তুত কৰি বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অঞ্চলবাসী ৰাইজে দাবী জনাইছে। এই সন্দৰ্ভত জিলা প্ৰশাসনৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষণীয়।
দক্ষিণ শালমাৰাৰ হাজিৰহাটত ভাৰত চৰকাৰৰ অভিলাষী আচঁনি জল জীৱন মিচনকলৈ চিন্তিত এখন গাঁৱৰ ৰাইজ
