কমলপুৰ, ৩১মাৰ্চঃৰাজ্যত চৌদিশে এতিয়া লাট মণ্ডলৰ হাত দঙা প্ৰতিযোগিতাহে যেন চলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসেও দাঙিলে হাত । মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই জাল পাতি হাতে-লোটে ধৰিলে লাট-মণ্ডল গীতাঞ্জলি দাসক । লাট-মণ্ডল গৰাকীৰ টেবুলৰ পৰা দুৰ্নীতি নিবাৰক শাখা ই জব্দ কৰে নগদ পাচ হাজাৰ টকা । লাট-মণ্ডল গৰাকীৰ বিৰুদ্ধে আছে দীৰ্ঘদিনৰ অভিযোগ । উল্লেখ্য যে গীতাঞ্জলি দাসৰ লগতে দীৰ্ঘদিনৰ পৰা একেই লাটৰে আৰু কেইজনমান লাট মণ্ডলৰ বিৰুদ্ধেও চলি আছে দুৰ্নীতিৰ অভিযোগ।
কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাস পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত
