Fearless Press

পুনৰ সক্ৰিয় খাৰুৱা তেল চুৰি চক্ৰঃ চোৰাং বেহাৰে জড়িত চেলেংহাটৰ পাঁচখন তেলৰ টেংকাৰ জব্দ আৰক্ষীৰ

১ মাৰ্চ, যোৰহাটঃযোৰহাট জিলাৰ চেলেংহাটস্থিত আমগুৰি অইল ফিল্ডৰ পৰাই এতিয়া চলিছে খাৰুৱা তেলৰ চোৰাং বেহা। ডিগবৈ আৰক্ষীয়ে চোৰাং তেল সৰবৰাহ কৰা পাঁচ খনকৈ টেংকাৰ জব্দ কৰাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য। উল্লেখযোগ্য যোগ্য যে ডিগবৈ আৰক্ষীয়ে ডিগবৈৰ “খাৰচাং পইণ্ট” ত ৰখাই থোৱা অৱস্থাত এই টেংকাৰ কেইখন জব্দ কৰিছিল। আৰক্ষীৰ সূত্ৰে জানিবপৰামতে এএছ ০৮ এচি ২৬০৩, এএছ ০১এলচি ৫৫৫২, এএছ২৫ইচি ৫৫৯৭, এএছ ০৬ বিচি ৮৩৩৬ আৰু এএছ০১ জেচি ২৪৯৫ নম্বৰৰ টেংকাৰ কেইখনে আমগুৰি অইল ফিল্ডৰ পৰা ডিগবৈ তেল শোধনাগাৰলৈ খাৰুৱা তেল সৰবৰাহ কৰিছিল। কিন্ত খাৰুৱা তেল চুৰি চক্ৰটোৱে টেংকাৰৰ খাৰুৱা তেল গোপনে বিক্ৰী কৰি টেংকাৰত পানী ভৰাই ডিগবৈ শোধনাগাৰলৈ যায়। ডিগবৈ আৰক্ষীয়ে খাৰচাং পইন্টত টেংকাৰৰ পানী ওলিয়াই থকা অৱস্থাতে টেংকাৰ সহ ১২ জন লোকক হাটে লোটে ধৰা পেলায় বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে, অইলমেক্স নামৰ তেল কোম্পানীটোৱে আমগুৰি অইলফিল্ডৰ পৰা খাৰুৱাতেল ডিগবৈ শোধনাগাৰলৈ যোগান ধৰে। এই অইলমেক্স কোম্পানীটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে চোৰাংকৈ খাৰুৱা তেল বিক্ৰী কৰি অহাৰ অভিযোগ উঠিছে। অইলমেক্সৰ এই সকল বিষয়া কৰ্মচাৰী, সুৰক্ষা কৰ্মীয়ে খাৰুৱা তেল চুৰি চক্ৰৰ লগত মিলি কাম কৰিছে। উল্লেখযোগ্য যে ডিগবৈ আৰক্ষীয়ে এই সন্দৰ্ভত এখন বলেৰ’ সহ আন দুজন লোককো আটক কৰিছে। এই দুজনৰ এজন অইলমেক্স কোম্পানীৰ মেনেজাৰ আৰু আনজন সুৰক্ষা বাহিনীৰ জোৱান বুলি সন্দেহ কৰি হৈছে।
Exit mobile version