গুৱাহাটী,৩ এপ্ৰিলঃ চাংসাৰিত নৱনিৰ্মিত গুৱাহাটীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ অহা ১৪ এপ্ৰিলৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্ততিপৰ্ব আজি নিৰীক্ষণ কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা-গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। সোমবাৰে দুপৰীয়া এইমছ চৌহদত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমে কেন্দ্ৰীয় চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানখনৰ প্ৰৱেশপথৰ নিৰ্মাণকাৰ্য, এইমছ চৌহদৰ সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থাৱলী, সভাস্থলী আদি এফালৰ পৰা পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে এইমছৰ চিকিৎসালয়ৰ পৰ্যবেক্ষণ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ, আইচ’লেচন কক্ষ, ৱাৰ্ড, ৰেডিঅ’লজি কক্ষ, এম আৰ আই কক্ষ আদিও পৰিদৰ্শন কৰাৰ লগতে এইমছৰ সঞ্চালক ডাঃ অশোক পুৰাণিক আৰু বিভাগীয় মূৰব্বী অধ্যাপকৰ পৰা বহিঃ ৰোগী সেৱা বিভাগকে ধৰি চিকিৎসালয়ৰ বিভিন্ন বিভাগৰ সেৱা পৰিচালনা ব্যৱস্থাপনাৰ বিষয়ে বুজ লয়। পৰিদৰ্শনৰ পাছত মন্ত্ৰী মহন্তই কামৰূপৰ উপায়ুক্ত কীৰ্থি জল্লি, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এন এইচ অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিকৰ লগতে স্বাস্থ্য বিভাগ, লোক নিৰ্মাণ( গৃহ আৰু পথ) বিভাগ, নিৰ্মাণকাৰী সংস্থা আৰু এইমছ গুৱাহাটীৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকতো মিলিত হৈ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্ততিৰ অগ্ৰগতি সন্দৰ্ভত বিতং পৰ্যালোচনা কৰে। উল্লেখ্য যে, অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ গুৱাহাটীৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী গৰাকীয়ে সেইদিনা এইমছৰ এই অনুষ্ঠানৰ পৰাই কোকোৰাঝাৰ, নলবাৰী আৰু নগাঁৱত নৱনিৰ্মিত তিনিখন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰাৰ উপৰি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনৰ অসমৰ ১ কোটি হিতাধিকাৰীলৈ ‘আভা কাৰ্ড’ বিতৰণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰিব।
