Fearless Press

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ

গুৱাহাটী,৬ এপ্ৰিলঃ বহুবল্কী বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গোচৰ। গুৱাহাটীৰ লতাশিল থানাত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। সাম্প্ৰদায়িক মন্তব্যৰে সমাজত বিশৃংখলতা সৃষ্টিৰ লগতে সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টিৰ চেষ্টা আৰু ৰাষ্ট্ৰবিৰোধী কথাৰ অভিযোগেৰে বিধায়কগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই অভিযোগ। উল্লেখ্য যে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পাঠ্যপুথিৰ পৰা মোগলৰ অধ্যায় বাদ দিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ ঐতিহাসিক কীৰ্তিচিহ্ন তথা বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহল ধ্বংস কৰি সেই স্থানত মন্দিৰ নিৰ্মাণ দাবী উত্থাপন কৰিছিল। লগতে তেওঁ কুতুবমিনাৰ ভাঙি মন্দিৰ নিৰ্মাণৰো পোষকতা কৰে। ইয়াৰ বাবে তেওঁ নিজৰ এটা বছৰৰ দৰমহাও আগবঢ়াব বুলি মন্তব্য কৰিছিল। বিধায়ক কুৰ্মীৰ সেই মন্তব্যৰ আধাৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তাইজুদ্দিন আহমেহে লতাশিল আৰক্ষী থানাত দাখিল কৰিছে গোচৰ। তাইজুদ্দিন আহমেদে ৪ এপ্ৰিলত ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুতুবমিনাৰ ধ্বংস কৰি সেই স্থানত মন্দিৰ নিৰ্মাণৰ কৰিবলৈ কোৱা কথাক দুৰ্ভাগ্যজনক আখ্যা দিছে। তাজমহলে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ কথা উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য অতি সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰবিৰোধী আখ্যা দিছে অধিবক্তাগৰাকীয়ে। বিধায়ক কুৰ্মীৰ মন্তব্যই সামাজিক বিশৃংখলতা সৃষ্টিৰ লগতে সাম্প্ৰদায়িক ঐক্যত ব্যাঘাত জন্মাব বুলি অভিযোগ উত্থাপন কৰি এই গোচৰ দাখিল কৰিছে অধিবক্তা আহমেদে।

Exit mobile version