Fearless Press

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

গুৱাহাটী,৬ এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অহা ২১ জুনত উদযাপন কৰা হ’ব। এই সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালে এখন সংবাদমেল সম্বোধন কৰে। গুৱাহাটীৰ ভেটাপাৰাস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষনা প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্রী সোণোৱালে কয় যে হাজাৰ হাজাৰ বছৰ আগতে ঋষি-মুনিসকলে যোগ অভ্যাসৰ যোগেদি শৰীৰ-মন সুস্থ কৰি ৰখাৰ সত্য আৱিষ্কাৰ কৰিছিল। তেতিয়াৰ পৰাই এই সত্যক সকলোৱে উপলব্ধি কৰি আহিছে। যোগ অভ্যাস কৰা ব্যক্তি সদায় নিৰোগী হৈ থাকিব পাৰে। যোগ হৈছে জীৱন। যোগ শৰীৰ, মন আৰু আত্মাৰ বিজ্ঞান। যোগ অভ্যাসৰ যোগেদি মানৱ সমাজে বিভিন্ন ৰোগৰ পৰা পৰিত্রান পাইছে আৰু জীৱনৰ বাটত আনন্দ বুটলিবলৈ সক্ষম হৈছে। তেওঁ কয় যে এজন নিৰোগী ব্যক্তিয়ে মনে বিচৰা ধৰণে কাম কৰিব পাৰে।
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীক জনোৱা আহ্বানৰ পাছতে ২০১৫ চনৰ পৰা ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। বিশ্বৰ ১৯৩ খন ৰাষ্ট্ৰই এই যোগ অভ্যাসত চামিল হৈছে। প্ৰতিবছৰে বিশ্বৰ বুকুত যোগৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। এইবাৰো যোগ দিৱস পালন কৰা হ’ব। ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আয়ুষ মন্ত্রনালয়ৰ তৰফৰ কৰা হৈছে। ইয়াৰ পূৰ্বে ১০০ দিনৰ, ৭৫ দিনৰ, ৫০ দিনৰ আৰু ২৫ দিনৰ কাউণ্টডাউনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এইবাৰ অসমত অসম চৰকাৰৰ সহযোগত আয়ুষ মন্ত্রনালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত কাইলৈ অৰ্থাৎ ৭ এপ্ৰিলৰ দিনা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনৰ কাউণ্টডাউন কাৰ্যসূচী ৰূপায়ন কৰিব। এই কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। ত্রিপুৰাৰ মুখ্যমন্ত্রী আৰু অৰুণাচলৰ উপ-মুখ্যমন্ত্রীৰ উপৰি কেন্দ্ৰীয় মন্ত্রী ৰাজকুমাৰ সিং আৰু ৰামেশ্বৰ তেলী, অসমৰ স্বাস্থ্যমন্ত্রী,  মণিপুৰৰ স্বাস্থ্যমন্ত্রী, অৰুণাচলৰ স্বাস্থ্যমন্ত্রী, অসমৰ উদ্যোগ মন্ত্রী, মেঘালয়ৰ স্বাস্থ্যমন্ত্রী, ছিকিমৰ স্বাস্থ্যমন্ত্রীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। তেওঁ চৰকাৰী কাৰ্যালয়ৰ উপৰি বেচৰকাৰী তথা উদ্যোগিক খণ্ডক যোগ অভ্যাসৰ সৈতে জড়িত হোৱাৰ বাবে আহ্বান জনায়। লগতে তেওঁ সকলো স্তৰৰ লোকক যোগ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়। য‍াতে যোগ অভ্যাসৰ যোগেদি সমাজৰ মংগল হয়। তেওঁ লগতে কয় যে যোগৰ জৰিয়তে কৰ্মসংস্থাপনৰ বাট মুকলি হৈছে।

 

Exit mobile version