নিউজ ডেক্স,৭ এপ্ৰিলঃ দক্ষিণ ভাৰতত এজনৰ পিছত আন এজন কংগ্ৰেছৰ শীৰ্ষ নেতাই এৰিব ধৰিছে দল। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীৰ পিছত আজি অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন কিৰণ ৰেড্ডীয়ে বিজেপিত যোগদান কৰে। শুকুৰবাৰে দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে তেওঁক বিজেপিৰ সদস্যপদ প্ৰদান কৰে। এই কাৰ্যসূচীত পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং আৰু অন্যান্য নেতাসকলো উপস্থিত থাকে। যোগদানৰ পিছত প্ৰহ্লাদ যোশীয়ে কয় যে দক্ষিণ ভাৰতৰ জ্যেষ্ঠ নেতা কিৰণ কুমাৰ ৰেড্ডীক বিজেপিলৈ আদৰণি জনাইছো। উল্লেখ্য যে ৰেড্ডী পৰিয়ালৰ তিনিটা প্ৰজন্ম কংগ্ৰেছত আছে। তেওঁৰ পিতৃ অমৰনাথ ৰেড্ডী অন্ধ্ৰ প্ৰদেশৰ চাৰিবাৰৰ বিধায়ক আৰু মন্ত্ৰীও আছিল। কিৰণ ৰেড্ডী চাৰিবাৰৰ বিধায়ক, অধ্যক্ষ, চিপ হুইপ আৰু মুখ্যমন্ত্ৰীও আছিল। উল্লেখ্য যে বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল আৰু ভি মুৰালীধৰণৰ উপস্থিতিত কেৰালাৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীয়ে কংগ্ৰেছ দল এৰি বিজেপিত যোগ দিছিল।
দক্ষিণ ভাৰতত কংগ্ৰেছৰ খহনীয়া : প্ৰাক্তন মুখ্যমন্ত্রীৰ বিজেপিত যোগদান
