Fearless Press

বৰপেটাত সক্ৰিয় মৌলবাদী শক্তিঃ ৩ নেতাক গ্ৰেপ্তাৰ

বৰপেটা,৮ এপ্ৰিলঃ সম্প্ৰতি মৌলবাদী শক্তিৰে জড়িত ৩ নেতাক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ। নিষিদ্ধ ঘোষিত ৰাষ্ট্ৰীয় সংগঠন পি এফ আই PFI আৰু চি আই এফ’ৰ সৈতে জড়িত আছিল ধৃত ৩ নেতা। পিছে বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিওজনক। গ্ৰেপ্তাৰ হোৱা নেতা কেইজন হৈছে চি এফ আই’ ( কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া) ৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ,জাহিদুল ইছলাম(৩০)। পি এফ আই (পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া)ৰ ৰাজ্যিক সম্পাদক জাকিৰ হুছেইন (৩৪)। পি এফ আই’ৰ ৰাজ্যিক সভাপতি আবু চামা(৫৪)। পিছে জাহিদুলৰ ঘৰ হ’ল গোবৰ্ধনাৰ চুনবাৰীত। জাকিৰ হুছেইনৰ ঘৰ হল গোবৰ্ধনাৰ কুঠুৰীঝাৰত। আবু চামাৰ ঘৰ হল বৰপেটা ৰোডত। উল্লেখ্য যে,আবু চামাক ইয়াৰ পূৰ্বেও এবাৰ গ্ৰেপ্তাৰ কৰিছিল যদিও জামিন লৈ পুনৰ পি এফ আই’ৰ কাম-কাজত ব্যস্ত হৈ পৰে। আনকি দেশ বিৰোধী বিভিন্ন কাম কাজত জড়িত হোৱাৰ প্ৰশিক্ষণ দিয়ে পি এফ আই আৰু চি এফ আইয়ে। স্মৰ্তব্য যে,ইছলামিক অপশক্তিক অধিক সক্ৰিয় কৰাৰ লক্ষৰে এই সংগঠন দুটাই মুছলমান যুৱকক সময়ে সময়ে প্ৰশিক্ষণ দি আহিছে। পিছে বৰপেটা জিলাখনত ইতিমধ্যে মুঠ ৬ টা পি এফ আই আৰু চি এফ আই’ৰ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। আজি এই কথা সদৰি কৰিছে বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই।

Exit mobile version